ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ লাগিছে তৎপৰতা। ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ দিশত অগ্ৰসৰ হৈছে নিৰ্বাচন আয়োগ।
ইফালে পুনৰ নিৰ্ধাৰিত সমষ্টিৰ আধাৰত ভোটাৰ তালিকা প্ৰস্তুতৰো নিৰ্দেশনা দিছে নিৰ্বাচন আয়োগ। অহা ১০ ডিচেম্বৰলৈ চলিব নতুন ভোটাৰ তালিকা প্ৰস্তুতিৰ কাম। আকৌ ১১ ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। ১৪ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰৰ ভিতৰত খচৰা তালিকা সন্দৰ্ভত দাখিল কৰিব পাৰিব ওজৰ আপত্তি। ইফালে সকলো ধৰণৰে ওজৰ আপত্তি নিষ্পত্তি কৰা হ’ব ২২ ৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত। আকৌ ২৮ ডিচেম্বৰত প্ৰকাশ পাব চুড়ান্ত ভোটাৰ তালিকা।
আকৌ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবেও প্ৰস্তুতি চলাইছে ৰাজ্যিক নিৰ্বাচন আয়োগে।লগতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবেও প্ৰস্তুতি চলিছে। সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১৯ ডিচেম্বৰত। ইফালে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১৯ ডিচেম্বৰত।