আজিৰ পৰা অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত গোলাঘাট জিলা প্ৰশাসনৰ কৰিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে উৰিয়ামঘাটত উপস্থিত হৈছে দুই হেজাৰৰো অধিক অসম আৰক্ষী জোৱান আৰু প্ৰায় ৫০০ বন সুৰক্ষা কৰ্মী। সাজু কৰা হৈছে ১০০ কৈও অধিন এক্সেভেটৰ।
জানিব পৰা মতে, অসম নগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২ খনকৈ গাঁৱৰ ২৬৪৮ টা বাসগৃহত চলিব প্ৰশাসনৰ বুলড’জাৰ। উচ্ছেদৰ তালিকাত থকা গাওঁসমূহৰ হ’ল- সোনাৰীবিল টোপ , ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ, ৰজাপুখুৰী, গেলাজান।
ইফালে এই উচ্ছেদ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি ভিন্ন জিলাৰ শ শ নিৰাপত্তাৰক্ষীৰ দল মোতায়েন কৰা হৈছে। কেইবাখনো জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত আদি বহু বিষয়া আহি উপস্থিত হৈছে সৰুপথাৰত।
এই উচ্ছেদ অভিযানত ব্যৱহাৰ কৰিবৰ বাবে গোলাঘাট, মেৰাপানী, শিৱসাগৰ, তিনিচুকীয়া আদিৰ পৰা অনা হৈছে এক্সেভেটৰ। বিদ্যাপুৰ অঞ্চলৰ পৰাই প্ৰশাসনৰ প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে।












