৩০ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’ব ফিডে দবা বিশ্বকাপ। এই প্ৰতিযোগিতাত বিশ্ব চেম্পিয়ন ডি গুকেশ, মেগনাছ কাৰ্লচেন, ফেবিয়ানো কাৰুয়ানা আৰু আৰ প্ৰজ্ঞনানণ্ডকে ধৰি ২০৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, ২৩ বছৰৰ মূৰত ভাৰতত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ভাৰতে শেষবাৰৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰিছিল ২০০২ চনত। হায়দৰাবাদত অনুষ্ঠিত হোৱা সেইবাৰৰ প্ৰতিযোগিতাত বিশ্বনাথন আনন্দই খিতাপ দখল কৰিছিল।
২০০২ চনৰ পিছৰ পৰা ভাৰতীয় দবা খেলত বহু অগ্ৰগতি হৈছে আৰু এইবাৰ প্ৰজ্ঞনানণ্ড, অৰ্জুন এৰিগেছি আৰু নিহাল সৰিনৰ দৰে খেলুৱৈৰ উপস্থিতিত ভাৰতৰ দাবী অধিক শক্তিশালী হ’ব।
এই প্ৰতিযোগিতাখন ৮ ৰাউণ্ডত দুখন মেচৰ নকআউট ফৰ্মেটত অনুষ্ঠিত হ’ব। দুখন ক্লাছিকেল মেচ অনুষ্ঠিত হ’ব য’ত টাই হ’লে ৰেপিড আৰু ব্লিটজ প্লে অফ অনুষ্ঠিত হ’ব।
প্ৰথম ৰাউণ্ডত বাই লাভ কৰাৰ বাবে শীৰ্ষ ৫০ গৰাকী খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত পোনপটীয়াকৈ প্ৰৱেশ কৰিব। প্ৰতিযোগিতাখন আয়োজনৰ বাবে ভাৰতে দায়িত্ব লাভ কৰাত এতিয়া দবা প্ৰেমীসকল যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হৈছে।