শনিবাৰে মণিপুৰৰ ইম্ফল উপত্যকাৰ পাঁচখন জিলাৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত ৯০টা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, ৭২৮টা সক্ৰিয় গুলী আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।
এক গোপনীয় তথ্যৰ ভিত্তিত ইম্ফল পূৱ, ইম্ফল পশ্চিম, থাউবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত একেলগে অভিযান আৰম্ভ কৰা হয়। মণিপুৰ আৰক্ষী, চি আৰ পি এফ, বি এছ এফ, সেনা আৰু অসম ৰাইফলছৰ দলে যৌথভাৱে চলাইছিল এই অভিযান।
অভিযানত উদ্ধাৰ হোৱা ৯০টা অস্ত্ৰৰ ভিতৰত আছে তিনিটা এ কে ছিৰিজ ৰাইফল, এটা এম ১৬ ৰাইফল, ৫টা ইনছাছ ৰাইফল, এটা ইনছাছ এল এম জি, চাৰিটা এছ এল আৰ, ২০টা পিষ্টল, চাৰিটা কাৰ্বাইন, ৭টা থ্ৰী নট থ্ৰী ৰাইফল আৰু আন ৮টা ৰাইফল।
ইয়াৰ উপৰি ২১টা গ্ৰেনেড আৰু ৬টা আই ই ডিকে ধৰি ৭২৮টা গুলী আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। ২১টা মেগাজিন আৰু ২৪টা ৱায়াৰলেছ হেণ্ডছেটো উদ্ধাৰ কৰা হৈছে।
ইফালে শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত সাধাৰণ ৰাইজৰ সহযোগিতা বিচাৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনসাধাৰণক জনায় যে যদি কোনো লোকৰ হাতত অবৈধ অস্ত্ৰ বা কোনো সন্দেহজনক কাৰ্যকলাপৰ তথ্য আছে, তেন্তে তৎক্ষণাত ওচৰৰ আৰক্ষী থানা বা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষক অৱগত কৰক।