যেতিয়া কোনো ব্যক্তিয়ে নিজৰ খাদ্য তালিকাত অখাদ্য অন্তৰ্ভুক্ত কৰে, তেতিয়া এই অখাদ্যই মানৱ শৰীৰৰ ড’পামিন আৰু চেৰ’টনিনৰ দৰে নিউৰ’ট্ৰান্সমিটাৰৰ ভাৰসাম্যত প্ৰভাৱ পেলায়। এক অধ্যয়নৰ মতে, চেনি আৰু সংপৃক্ত চৰ্বিযুক্ত খাদ্যই আমাৰ হিপ’কেম্পছৰ (মগজুৰ জটিল গঠন) আচৰণ সলনি কৰে। সেয়েহে মগজুৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰা খাদ্য পৰিহাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।
এইবোৰ হৈছে-
কেক বা কুকিজ-
কেক, কুকিজ, ক্ৰেকাৰ, শীতল পানীয় আদি উচ্চ চেনিযুক্ত খাদ্য আমাৰ মগজুৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। সেয়েহে বিশেষজ্ঞসকলে বিশেষকৈ প্ৰচেছড খাদ্যত থকা ৰিফাইন-চেনি হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত ফল-মূল গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।
উচ্চ নিমখযুক্ত খাদ্য-
চিপছ, পিজ্জা, টেমাত ভৰোৱা চূপ আৰু প্ৰচেছড মাংসত অধিক পৰিমাণৰ ছডিয়াম থাকে, যিয়ে মগজুৰ কোষত উপস্থিত টাউ প্ৰটিনৰ মাত্ৰা অস্থিৰ কৰি তুলিব পাৰে। টাউ প্ৰটিনৰ মাত্ৰা বৃদ্ধিয়ে ডিমেনচিয়াত অৰিহণা যোগায়। সেয়েহে চিকিৎসকে অত্যধিক নিমখৰ পৰিৱৰ্তে মছলা বা জুতি লগা খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে।
প্ৰচেছড মাংস-
এলঝেইমাৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ বিশেষজ্ঞসকলে প্ৰচেছড মাংসকে ধৰি সকলো প্ৰদাহজনিত খাদ্য পৰিহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে। প্ৰচেছড মাংস কেইবাটাও পৰ্যায় যেনে- ৰাসায়নিক পদাৰ্থ, অত্যাধিক নিমখ, ধোৱা, শুকুৱাই লোৱা, কেনিং কৰা আদি প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়।
সুৰা-
বিশেষজ্ঞসকলে কয় যে, অত্যাধিক মদ্যপানে নিউৰ’ট্ৰান্সমিটাৰৰ ভাৰসাম্যত প্ৰভাৱ পেলাব পাৰে আৰু মানৱ শৰীৰৰ মগজুত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
হোৱাইট ব্ৰেড বা চাউল-
গৱেষণাৰ পৰা দেখা গৈছে যে হোৱাইট ব্ৰেড বা বগা চাউলৰ অত্যাধিক সেৱনে জিনগতভাৱে এলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। এই খাদ্যসমূহ বেছিকৈ খোৱাটো পৰিহাৰ কৰিব লাগে।











