কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত বৰ্তমানলৈ প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছে। ভূমিস্খলনৰ ফলত এতিয়াও কেইবা শতাধিক লোক আৱদ্ধ হৈছে। ইয়াৰ মাজতে কেইখনমান ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে। কেৰালাৰ বন বিষয়াই ৮ ঘন্টা ধৰি কৰা অভিযানৰ অন্তত ৬ জন আদিৱাসী শিশুক উদ্ধাৰ কৰাৰ হৃদয়স্পৰ্শী ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত।
এই ঘটনাক কেন্দ্ৰ কৰি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয়, ‘বন বিষয়াৰ এই ফটোকেইখনে বহু কথা কৈছে। সংকটৰ সময়ত কেৰালা প্ৰশাসন সদায় যে ৰাইজৰ পক্ষত থাকে সেই ছবি ফুটি উঠিছে’।
উল্লেখ্য যে, কলপেট্টা ৰেঞ্জৰ বন বিষয়া কে হশীষৰ নেতৃত্বত এটা চাৰিজনীয়া দলে বৃহস্পতিবাৰে এটা আদিৱাসী পৰিয়ালক উদ্ধাৰ কৰাৰ বাবে জংঘলৰ ভিতৰত সোমাই এই অভিযানটো সফল কৰি তোলে। উদ্ধাৰ কৰা শিশুসকলৰ বয়স প্ৰায় ১ বছৰৰ পৰা ৪ বছৰৰ বুলি জানিব পৰা গৈছে।
ৱায়নাডৰ পনিয়া সমুদায়ৰ সৈতে সংযোগ থকা এই পৰিয়ালটো পাহাৰৰ এটা গুহাত আৱদ্ধ হৈ পৰিছিল। গুহাটো ইমানে বিপদজনক আছিল যে, উদ্ধাৰকাৰী দলটো সেই স্থান পাবলৈ প্ৰায় ৪ ঘন্টা সময় লাগিছিল।
পিটিআইৰ সৈতে হোৱা সাক্ষাৎকাৰত বন বিষয়াজনে কয়, ‘বৃহস্পতিবাৰে মাতৃৰ সৈতে চাৰিবছৰীয়া এটা শিশুক সেই অঞ্চলটোত দেখা গৈছিল। বাৰ্তালাপ কৰাৰ অন্তত গম পোৱা গ’ল, তেওঁলোকৰ আৰু তিনিটা সন্তানৰ সৈতে পিতৃও গুহাত আৱদ্ধ হৈ আছে’।
লগতে বিষয়াগৰাকীয়ে কয় যে পৰিয়ালটো আদিৱাসী সম্প্ৰদায়ৰ এটা বিশেষ শ্ৰেণীৰ সৈতে সম্পৰ্কিত থকা। যিটো সম্প্ৰদায়ৰ সাধাৰণ শ্ৰেণীৰ সৈতে বাৰ্তালাপ কৰাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞ আছে। ইফালে, ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ থকা পৰিয়ালটোৱে বিগত কিছুদিনৰ পৰাই খাদ্য সংকটত ভুগি আছে।
আনহাতে, বন বিষয়াসকলে নিজৰ উদ্ধাৰ কাৰ্যৰ বিষয়ে পিটিআইক অৱগত কৰিছে। তেওঁলোকে তীব্ৰ বৰষুণৰ বাবে যথেষ্ট সংকটৰ মাজেৰে পাৰ হ’ব লগা হৈছে। বৰ্তমান পৰিয়ালটো সংকটমুক্ত। তেওঁলোকক খাদ্য-পানী যোগান ধৰা হৈছে। প্ৰথম অৱস্থাত পিতৃয়ে উদ্ধাৰকাৰী দলটোৰ সৈতে আহিবলৈ বিচৰা নাছিল, কিন্তু বহুত বুজোৱাৰ পিছত দলটোৰ সৈতে আহিবলৈ সন্মত হৈছিল পিতৃ।
ইফালে, বিষয়টো সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰিছে। বিষয়াসকলে কেইবাঘন্টা ধৰি কৰা অভিযানৰ অন্তত পৰিয়ালটোক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই কৰ্ম প্ৰশংসাৰ যোগ্য।