অবৈধ অনলাইন বেটিং এপৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰৱৰ্তন সঞ্চালকালয় অৰ্থাত ইডি। মঙলবাৰে তদন্তকাৰী সংস্থাটোৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি অবৈধ অনলাইন বেটিং এপৰ সৈতে ধন লেনদেনৰ অভিযোগত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং, ৰবিন উথাপ্পাৰ লগতে বলিউড অভিনেতা ছনু সুদলৈ সোধাপোচাৰ বাবে চমন জাৰি কৰিছে।
তদন্তকাৰী সংস্থাটোৰ উদ্ধৃতিৰে এটা আগশাৰীৰ সংবাদ সংস্থাই কোৱা অনুসৰি ৰবিন উথাপ্পা (৩৯), যুৱৰাজ সিং (৪৩) আৰু ছনু সুদ (৫২)ক অহা সপ্তাহত ভিন্ন দিনত হাজিৰ হ’বলৈ কোৱা হৈছে।
এই তিনিওজনকে ধন সৰবৰাহৰ আইন (পিএমএলএ)ৰ অধীনত ১এক্সবেট নামৰ প্লেটফৰ্মৰ সৈতে জড়িত গোচৰত নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ কোৱা হৈছে।
জানিব পৰা অনুসৰি, ২২ ছেপ্তেম্বৰত উথাপ্পা, যুৱৰাজ সিঙক ২৩ ছেপ্তেম্বৰ আৰু অভিনেতা ছনু সুদক ২৪ ছেপ্তেম্বৰত হাজিৰ হ’বলৈ কোৱা হৈছে। ইয়াৰ পূৰ্বে প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱানকো ইডিয়ে জেৰা চলাইছিল।
ইয়াৰ উপৰি ১৫ ছেপ্তেম্বৰ অৰ্থাত সোমবাৰে এই একেই কাৰণতে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীকো জেৰা চলাই ইডিয়ে।