এক কৰুণ পথ দুৰ্ঘটনাত মৃত্যু হ’ল নৱবিবাহিত দম্পতীসহ এটা পৰিয়ালৰ চাৰিজন সদস্যৰ। দেওবাৰে তামিলনাডুৰ কূডাল জিলাৰ মুৰিঞ্জাকালত এখন তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছৰ সৈতে এখন টচাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা লোক কেইজনৰ ঘৰৰ পৰা মাত্ৰ ৭ কিলোমিটাৰ নিলগত পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
হানিমুনৰ বাবে মালয়েছিয়ালৈ যোৱা দম্পতী অনু আৰু নিখিলে ভ্ৰমণ সামৰি তিৰুৱনন্তপুৰম বিমানবন্দৰৰ পৰা ঘৰলৈ উভতি আহি আছিল। প্ৰাপ্ত খবৰ অনুসৰি নিখিল কানাডাত কৰ্মৰত আছিল।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত চালকজনে টোপনি যোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
ইফালে তামিলনাডুৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখন আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে চাৰিচকীয়া গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ কাৰ্যসূচী আৰম্ভ কৰে।
ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে গাড়ীখনত থকা তিনিজন লোকৰ থিতাতে মৃত্যু হয়, আনহাতে অনুৱে ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। মৃত্যু হোৱা আন দুজন লোক হৈছে অনু আৰু নিখিলৰ আত্মীয়।
আৰক্ষী অধীক্ষক আৰু অন্যান্য উচ্চপদস্থ বিষয়াৰ নেতৃত্বত উপস্থিত হৈ দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।