জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ ৯ দিন পিছত পত্নী গৰিমা শইকীয়াই ছিংগাপুৰত সেই সময়ত থকা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে গোচৰ তৰিছে গৰিমা শইকীয়া গাৰ্গে।
জানিব পৰা অনুসৰি, ই-মেইলযোগে চি আই ডিৰ এছ আই টিত দাখিল কৰিছে এজাহাৰ। এজাহাৰত স্বাক্ষৰ আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰহস্যজন মৃত্যু সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আন বহুতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
থানাই থানাই এজাহাৰ দাখিল হোৱাৰ পিছতে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত কৰিবলৈ চি আই ডিক দায়িত্ব অৰ্পণ কৰিছিল। আৰু ইয়াৰ পিছত এই গোচৰৰ তদন্তৰ বাবে ১০ জনীয়া এছ আই টিও গঠন কৰা হৈছিল।
ইতিমধ্যে এছ আই টি দলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে আৰু এই সন্দৰ্ভত অভিনেত্ৰী নিশিতা গোস্বামী, বাদ্যযন্ত্ৰী শেখৰ গোস্বামীৰ লগতে আন বহুতকে জেৰা চলোৱা পৰিলক্ষিত হৈছে।
ইয়াৰ উপৰি জুবিনৰ মৃত্যুৰ বাবে প্ৰধান জগৰীয়া কৰা শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক একপ্ৰকা পলাতক বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই দুয়োজনকে ৬ অক্টোবৰৰ ভিতৰত চি আই ডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।