১০ অক্টোৱৰৰ বিয়লি গাজাত দুবছৰীয়া যুদ্ধ বন্ধ হৈ পৰিছে। মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ২০ দফীয়া প্রস্তাৱৰ আধাৰত গাজাত স্থানীয় সময় অনুসৰি দুপৰীয়া কার্যকৰী হয় যুদ্ধবিৰতি চুক্তি৷ ইজৰাইলী সেনাই এই কথা ঘোষণা কৰে।
২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত সংঘাত চলি আছিল।দুয়ো পক্ষৰ মাজত তীব্ৰতৰ হিংসাত্মক পৰিস্থিতিয়ে অঞ্চলটোত অস্থিৰতা আৰু মানৱীয় সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছিল। যুদ্ধবিৰতি চুক্তিৰ পিছত আশা কৰা হৈছে যে ই শান্তিৰ দিশত এক ইতিবাচক পদক্ষেপ হ’ব পাৰে। ইফালে ইজৰাইলী সেনাই প্ৰকাশ কৰিছে যে, তেওঁলোকৰ সৈন্যই গাজাৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছে। অৱশ্যে চুক্তিখনৰ চৰ্ত আৰু কাৰ্যকৰীকৰণৰ সবিশেষ বৰ্তমানেও স্পষ্ট হোৱা নাই।
ইতিমধ্যে ইজৰাইলী বাহিনীয়ে গাজাত আক্ৰমণ চলাইছিল যদিও শুকুৰবাৰে বিয়লিৰ পৰা এই যুদ্ধবিৰতি কাৰ্যকৰী হয়। উত্তৰ গাজাত গোলাবৰ্ষণ অব্যাহত থকাৰ পিছত পেলেষ্টাইনীসকলে ইজৰাইলে যুদ্ধবিৰতি চুক্তিৰ পিছতো সংঘাত অব্যাহত ৰাখিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।দুয়োপক্ষৰ সংঘাতৰ ফলত হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে, য’ত অসামৰিক লোকৰ যথেষ্ট ক্ষতি হৈছে।
দুয়োপক্ষই ইজৰাইলৰ পণবন্দী আৰু পেলেষ্টাইনী বন্দীসকলক পাৰস্পৰিকভাৱে মুকলি কৰি দিবলৈ সন্মত হোৱাৰ পিছত এই চুক্তি কাৰ্যকৰী হয়। ইজৰাইলৰ সেনাই যুদ্ধবিৰতি চুক্তিৰ সকলো দিশ মানি চলিব বুলি উল্লেখ কৰিছে আৰু এই চুক্তিয়ে পৰিস্থিতি শান্ত কৰিব বুলি আশা কৰিছে। কিন্তু গাজাত গোলাবৰ্ষণ আৰু হিংসাৰ কাণ্ড অব্যাহত থকাৰ বাবে যুদ্ধবিৰতিৰ প্ৰভাৱ অস্থিৰ যেন লাগে।