অৱশেষত বিফল হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা শান্তি চুক্তি। ইজৰাইলে পুনৰবাৰ গাজাত চলালে বিমান আক্ৰমণ। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে গাজাত ব্যাপক আক্ৰমণৰ নিৰ্দেশ দিছিল। হামাছৰ বাৰে বাৰে আক্ৰমণৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে। ট্ৰাম্পে বিশ্বৰ বহু ডাঙৰ ডাঙৰ নেতাৰ সন্মুখত শান্তি চুক্তিৰ দালালি কৰিছিল যদিও এতিয়া এই চুক্তিখন ছিন্নভিন্ন হৈ পৰিছে।
এক প্ৰতিবেদন অনুসৰি, ইজৰাইলৰ এই আক্ৰমণত এতিয়ালৈকে ৩৩ জন লোকৰ মৃত্যু হৈছে। আন কেইবাজনো আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে হামাছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, হামাছে ইজৰাইলৰ সৈন্যক আক্ৰমণ কৰিছিল আৰু পণবন্দী ঘূৰাই অনাৰ চৰ্ত উলংঘা কৰিছিল। আনহাতে হামাছে কোনো ধৰণৰ আক্ৰমণ চলোৱা নাছিল বা শান্তি চুক্তি উলংঘা কৰা নাছিল বুলি দাবী কৰিছে।
ইফালে আকৌ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে হামাছৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, হামাছে যুদ্ধবিৰতি উলংঘা কৰিছে। নেতান্যায়াহুৱে লগতে কয় যে, হামাছে ট্ৰাম্পৰ শান্তি চুক্তি মানি চলা নাই। হামাছে প্ৰথমে ইজৰাইলী পণবন্দীসকলক ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল আৰু তাৰ পিছত সোধা-পোছা কৰাত অজুহাত দেখুৱাবলৈ আৰম্ভ কৰিছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বহু প্ৰচেষ্টাৰ অন্তত ইজৰাইল আৰু হামাছৰ মাজত শান্তি চুক্তিৰ দালালি কৰিছিল যদিও এতিয়া তেওঁৰ প্ৰচেষ্টাৰ প্ৰতিক্ৰিয়া হৈছে। ইজৰাইলে হামাছে যুদ্ধবিৰতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে হামাছে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰে। পণবন্দীক মুকলি কৰি দিয়াকে ধৰি শান্তি চুক্তিৰ বাবে দহটা মূল কথা ট্ৰাম্পে নিৰ্ধাৰণ কৰিছিল যদিও আনকি এইটোও কাৰ্যকৰী হোৱা নাই যেন লাগে।










