ৰাছিয়াৰ সৈতে ভাৰত-চীন আৰু ব্ৰাজিলৰ সম্পৰ্ক যে অতি নিবিড় সেয়া সৰ্বজনবিদিত। ৰাছিয়াৰ সৈতে এই তিনিখন ৰাষ্ট্ৰই বজাই ৰখা সু-সম্পৰ্কক সহজভাৱে মানি ল’ব পৰা নাই আমেৰিকাই। ৰাছিয়াৰ সৈতে সম্পৰ্ক শেষ নকৰিলে এই তিনিওখন ৰাষ্ট্ৰৰ অৰ্থনীতি ধ্বংস কৰি দিব বুলি মন্তব্য কৰিছে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে।
দৰাচলতে ভাৰত-চীন আৰু ব্ৰাজিলে ৰাছিয়াৰ পৰা অধিক হাৰত খাৰুৱা সম্পদ ক্ৰয় কৰাক লৈ ক্ষুন্ন আমেৰিকা। এই সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পৰ অতি ঘনিষ্ঠ তথা ছীনেটৰ লিণ্ডছে গ্ৰাহামে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ধমক প্ৰদান কৰিছে।
গ্ৰাহামে সকীয়াই দিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশ বিশেষকৈ ভাৰত, চীন আৰু ব্ৰাজিলৰ ওপৰত মাত্ৰাধিক শুল্ক আৰোপ কৰিব।
ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গ্ৰাহামে কয়, ‘ট্ৰাম্পে ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহ – চীন, ভাৰত আৰু ব্ৰাজিলৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ আগবাঢ়িছে।’
উল্লেখ্য যে, ভাৰত, চীন আৰু ব্ৰাজিলে ৰাছিয়াৰ প্ৰায় ৮০ শতাংশ খাৰুৱা তেল ৰপ্তানি কৰে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী গ্ৰাহামে কয় যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে তেওঁলোকে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ বাবে ধন সংগ্ৰহৰ ক্ষেত্ৰত সহায় লাভ কৰিছে।