বাৰাণসী জ্ঞানবাপি মছজিদ বিবাদ সন্দৰ্ভত পোহৰলৈ আহিছে এক ডাঙৰ আপডেট। আজি (১০ মাৰ্চ)এই গোচৰৰ শুনানি গ্ৰহণ কৰিব এলাহাবাদ উচ্চ ন্যায়ালয়ে। এই শুনানি আৰম্ভ হ’ব ২ বজাৰ পৰা।
জ্ঞানবাপি কমপ্লেক্সত শিৱলিংগক বাদ দি ৱুজুখানা অঞ্চলৰ বৈজ্ঞানিক জৰীপ কৰিবলৈ এএছআইক দাবী জনাই এখন আৱেদন দাখিল কৰা হৈছিল। শ্ৰিংগাৰ গৌৰী গোচৰৰ পক্ষ ৰাখী সিঙে দেৱানী পুনৰীক্ষণ আবেদন দাখিল কৰিছিল।
ইফালে বাৰাণসী আদালতে জ্ঞানবাপি মছজিদৰ ৱুজুখানা অঞ্চলৰ জৰীপ কৰিবলৈ এ এছ আইক অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। হিন্দু পক্ষই ৱুজুখানা অঞ্চলৰ গাঁথনিত শিৱলিংগ বুলি দাবী কৰাৰ বিপৰীতে মুছলমান পক্ষই ইয়াক ফোয়াৰা বুলি দাবী কৰে। ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাৰ একক বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছে।
জ্ঞানবাপী মছজিদৰ গোচৰত জ্যেষ্ঠ সংমণ্ডল অসামৰিক ন্যায়াধীশৰ ফাষ্ট ট্ৰেক আদালতত হতাশ হৈ পৰিছিল হিন্দু পক্ষ। হিন্দু পক্ষই দাখিল কৰা আবেদন নাকচ কৰে আদালতে। এই সিদ্ধান্তৰ পিছতেই হতাশ হয় হিন্দু পক্ষৰ অধিবক্তা আৰু সমৰ্থক।
আদালতে উল্লেখ কৰে যে সমগ্ৰ জ্ঞানবাপি কমপ্লেক্সৰ জৰীপ কৰা নহ’ব। হিন্দু পক্ষৰ আবেদনে সমগ্ৰ জ্ঞানবাপী কমপ্লেক্সৰ এ এছ আই জৰীপৰ দাবী জনাইছিল যদিও আদালতে নাকচ কৰে। এই আদালতৰ নিৰ্দেশৰ পিছত এই বিষয়টো আকৌ এবাৰ আলোচনাৰ বিষয় হৈ পৰিল।
হিন্দু পক্ষই আদালতত দাবী কৰিছিল যে, জ্ঞানবাপীৰ মূল গম্বুজৰ তলত এটা শিৱলিংগ আছে যাৰ বাবে এই স্থান খননৰ বাবে এএছআইক জৰীপৰ বাবে দাবী জনায়। কিন্তু মুছলমান পক্ষই হিন্দু পক্ষৰ আবেদনৰ বিৰোধিতা কৰি কয় যে এই খননৰ ফলত মছজিদ স্থানৰ ক্ষতি হ’ব পাৰে।








