জো বিডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। জো বিডেনে নাম প্ৰত্যাহাৰ কৰাৰ পিছত চৰ্চালৈ আহিছে আন এগৰাকী ব্যক্তিৰ নাম। জো বিডেনৰ পিছত ৰাষ্ট্ৰপতি পদৰ চৰ্চালৈ আহিছে কমলা হেৰিছৰ নাম। অৱশ্যে, ডেমক্ৰেটিক দলৰ পৰা নিশ্চিত কৰা নাই কমলা হেৰিছৰ নাম।
এই চৰ্চাৰ মাজতে আমেৰিকাৰ প্ৰথম হিন্দু সাংসদ হৈ থকা প্ৰাক্তন কংগ্ৰেছী মহিলা তুলসী গাবাৰ্ডে কমলা হেৰিছৰ বিষয়ে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তুলসীয়ে কমলা হেৰিছক হিলাৰী ক্লিণ্টনৰ দাসী বুলি উল্লেখ কৰিছে।
প্ৰাক্তন কংগ্ৰেছী মহিলা তুলসী গাবাৰ্ডে কমলা হেৰিছৰ প্ৰাৰ্থিত্বৰ বাতৰিক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে, যদি কমলা হেৰিছ ৰাষ্ট্ৰপতি হয় তেতিয়াহ’লে আমেৰিকাৰ বাবে অতি বিপদজনক হ’ব।
গাবাৰ্ডে বিশ্বাস কৰে যে, কমলা হেৰিছ ৰাষ্ট্ৰপতি আৰু সেনা প্ৰধান হোৱাৰ বাবে উপযুক্ত নহয়। তেওঁৰ নেতৃত্ব আমেৰিকাৰ বাবে অতি বিপদজনক হ’ব। তুলসী গাবাৰ্ডে ডনাল্ড ট্ৰাম্পৰ প্ৰতি মুকলিকৈ তেওঁৰ সমৰ্থন ঘোষণা কৰিছে।
আনহাতে, ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমক্ৰেটিক প্ৰাৰ্থী হোৱা তুলসী গাবাৰ্ডে কমলা হেৰিছক প্ৰশ্ন কৰি কয় যে, তেওঁ কেনেকৈ যুদ্ধ আৰু শান্তিৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰিব? তেওঁ কেনেকৈ আমেৰিকান সৈন্যসকলক বিপদৰ সময়ত নেতৃত্ব দিব পাৰিব?
তেওঁ বিশ্বাস কৰে যে, প্ৰতিজন আমেৰিকাই কমলা হেৰিছৰ সিদ্ধান্তৰ ফল ভুগিব লাগিব। তুলসী গাবাৰ্ডে কমলা হেৰিছ আৰু হিলাৰী ক্লিণ্টনক উদ্দেশ্যি কয় যে, অতীতত তেওঁ ক্লিণ্টনক লৈ কৰা সমালোচনা হেৰিছৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।
তুলসী গাবাৰ্ডে বিশ্বাস কৰে যে, যদিহে কমলা হেৰিছ ৰাষ্ট্ৰপতি হয় তেন্তে তেওঁ বিডেনৰ ৰাষ্ট্ৰপতিত্ব প্ৰভাৱিত কৰি অহা যুদ্ধ দালালসকলৰ এগৰাকী ‘দাসী’ হৈ থাকিব।