অস্বাভাৱিক বৰষুণ আৰু বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে। বান-ভূমিস্খলনত ক্ষতিগ্ৰস্ত ৰাজ্য দুখনৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫-৫ কোটি টকাকৈ প্ৰদান কৰিব হাৰিয়ানা চৰকাৰে।
এই দুৰ্যোগত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীয়ে কয় যে এয়া পাৰস্পৰিক সহযোগিতা আৰু ঐক্যৰ সময়। এই সংকটৰ সময়ত হাৰিয়ানা চৰকাৰ আৰু ৰাজ্যৰ জনসাধাৰণে পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে শক্তিশালীভাৱে থিয় দিছে বুলি মুখ্যমন্ত্ৰী ছাইনীয়ে কয়।
ভৱিষ্যতেও হাৰিয়ানা চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ছাইনীয়ে।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে আমি সকলোৱে মিলি এই দুৰ্যোগৰ সন্মুখীন হ’ম আৰু ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাত সহায় কৰিম। লগতে মুখ্যমন্ত্ৰীয়ে সকলো নাগৰিককে আগবাঢ়ি আহি এই দুৰ্যোগত সহায় কৰিবলৈ আহ্বান জনায়।