বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু সঞ্জয় দত্তৰ আগন্তুক ছবি ‘ধুৰন্ধৰ’ৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। বৰ্তমান লাডাখত ছবিখনৰ শ্বুটিং চলি আছে আৰু এক প্ৰতিবেদন অনুসৰি শ্বুটিংৰ সময়ত খোৱা খাদ্যৰ বাবে বিষক্ৰিয়াত ভুগি ১২০ জন ক্ৰু মেম্বাৰ অসুস্থ হৈ পৰে।
এক প্ৰতিবেদন অনুসৰি, ১৭ আগষ্টত সন্ধিয়া ফুড পইজনিঙৰ সন্দেহত ১০০ৰো অধিক বলীউডৰ ক্ৰু মেম্বাৰক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। তথ্য অনুসৰি, খাদ্যখিনি খোৱাৰ পিছত দলৰ সদস্যসকলে হঠাতে পেটত তীব্ৰ বিষ অনুভৱ কৰে, তাৰ পিছত তেওঁলোকৰ বমি আৰম্ভ হয় আৰু মূৰৰ বিষ হয়।
ইয়াৰ পিছতে তেওঁলোকক খৰখেদাকৈ চিকিৎসাৰ বাবে লেহৰ সাজল নৰবু মেম’ৰিয়েল হস্পিতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, খোৱাৰ খাদ্যৰ পৰা হোৱা বিষক্ৰিয়াৰ বাবে দলৰ ইমানবোৰ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ৬০০ লোকে এই খাদ্য খাইছিল, ইয়াৰে ১০০ৰো অধিক লোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।ইতিমধ্যে এই খাদ্যৰ নমুনা সংগ্ৰহ কৰা হৈছে যাতে খাদ্যৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়টো অনুসন্ধান কৰিব পৰা যায়।
ছবিখনৰ কথা ক’বলৈ গ’লে সঞ্জয় দত্ত, ৰণবীৰ সিং, আৰ মাধৱন আৰু অৰ্জুন ৰামপাল অভিনীত এই ছবিখনৰ টিজাৰ শেহতীয়াকৈ মুক্তি পাইছে। ছবিখনত ৰণবীৰ সিং আৰু সঞ্জয় দত্তক অতি শক্তিশালী অৱতাৰত দেখা গৈছিল। ঘোষণাৰ সময়ৰ পৰাই ছবিখনে শিৰোনাম দখল কৰি আহিছে যদিও বক্স অফিচত আচৰিত কাম কৰিবলৈ সক্ষম হ’বনে, এই প্ৰশ্নৰ উত্তৰ সময়তহে পোৱা যাব।