হৃদযন্ত্ৰ সুস্থ ৰখা আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিমখৰ পৰিমাণ সীমিত কৰাটো অতি গুৰুত্বপূৰ্ণ। বিশ্বৰ বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞসকলে এই কথাত একমত যে উচ্চ ৰক্তচাপ আৰু হাৰ্ট এটেকৰ দৰে ৰোগ প্ৰতিৰোধৰ বাবে ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰাটো অতি গুৰুত্বপূৰ্ণ।
বৈজ্ঞানিকভাৱে ছডিয়াম ক্লৰাইড নামেৰে জনাজাত নিমখে প্ৰত্যক্ষভাৱে ৰক্তচাপত প্ৰভাৱ পেলায়। কাৰণ ছডিয়ামে শৰীৰৰ পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। সময়ৰ লগে লগে ধমনীৰ বেৰ দুৰ্বল হৈ পৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
সৰহসংখ্যক মানুহেই ভাবে যে, খাদ্যত নিমখ যোগ কৰিলেহে নিমখ আহে, কিন্তু সত্যটো বেলেগ। আচল বিপদটো আহে পেকেটত ভৰোৱা খাদ্যত লুকাই থকা নিমখৰ পৰা। ইয়াৰ ভিতৰত ৰেডি টু ইট খাদ্য, ফাষ্ট ফুড, বেকাৰী প্ৰডাক্ট, আৰু চচ্চেজ, চূপ, চিপছ, নুডলছ, ব্ৰেড, চীজ, আৰু চচ আদি অন্তৰ্ভুক্ত। এফ ডি এৰ মতে আমাৰ দৈনিক ছডিয়াম খোৱাৰ আটাইতকৈ বেছি অংশ এই প্ৰচেছড খাদ্যৰ পৰাই আহে, টেবুল ছল্টৰ পৰা নহয়।
যদিও ছডিয়াম হ্ৰাস কৰাটো গুৰুত্বপূৰ্ণ, অতি কম, ১৫০০ মিলিগ্ৰামতকৈ কম সেৱন কৰাটো বিপজ্জনক হ’ব পাৰে, বিশেষকৈ হৃদযন্ত্ৰ বা বৃক্কৰ সমস্যা থকা লোকৰ বাবে। স্নায়ু আৰু পেশীৰ কাৰ্য্যকলাপৰ বাবে ছডিয়াম অতি প্ৰয়োজনীয়, গতিকে ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰাৰ সময়ত মধ্যমীয়া কৰাটো মূল কথা।










