বৰ্তমান সময়ত বৃদ্ধকালত সঘনাই হোৱা এক ৰোগ হৈছে এলঝেইমাৰ। আচলতে ই কোনো পাহৰি যোৱাৰ ৰোগ নহয়, ই হৈছে মগজুৰ ক্ষমতা লাহে লাহে ধ্বংস কৰা এক গুৰুতৰ স্নায়ুজনিত বিকাৰ।
কিন্তু প্ৰশ্ন হয় এলঝেইমাৰ সঁচাকৈয়ে জিনীয় নেকি?
কিছু পৰিমাণে এলঝেইমাৰ জিনীয় হ’ব পাৰে। যদি পৰিয়ালৰ কোনো সদস্য ইতিমধ্যে এলঝেইমাৰ ৰোগত আক্ৰান্ত হৈছে, তেন্তে পৰৱৰ্তী প্ৰজন্মত এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু জিনীয় কাৰণ হোৱাৰ পিছতো যদি কাৰোবাৰ পিতৃ-মাতৃৰ এলঝেইমাৰ ৰোগ হয়, তেন্তে সন্তানৰো যে এই ৰোগ হ’ব সেইবুলি কোনো কথা নাই। জীৱনশৈলী, খাদ্যাভ্যাস, মানসিক স্বাস্থ্য আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ দৰে বহু কাৰকেও ইয়াত ডাঙৰ ভূমিকা পালন কৰে।
এলঝেইমাৰৰ লগত জড়িত আটাইতকৈ সাধাৰণ বিপদজনক কাৰকটোৱেই হৈছে APOE জিন। এই ৰোগ হোৱা ব্যক্তিয়ে নিজৰ অধিক যত্ন লোৱাটো প্ৰয়োজন।
প্ৰেচেনিলিন-১ আৰু প্ৰেচেনিলিন-২ – এইবোৰ গুৰুতৰ ৰূপত এলঝেইমাৰৰ সৈতে জড়িত, বিশেষকৈ যদিহে এই ৰোগ ৬০ বছৰৰ আগতে আৰম্ভ হয়।
এলঝেইমাৰ কিমান বিপজ্জনক হ’ব পাৰে?
- ক্ৰমান্বয়ে স্মৃতিশক্তি হেৰুৱায়।
- ৰোগীয়ে নিজস্বত্ববোধ হেৰুৱাই পেলায় অৰ্থাৎ ৰোগীয়ে নিজৰ আপোনজনক চিনি নোপোৱা হয়।
- সুস্থ সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস পায়।
- আৱেগিক অস্থিৰতা, খং, বিভ্ৰান্তি, দুখ আৰু মৌনতা বৃদ্ধি পায়।
প্ৰতিৰোধমূলক ব্যৱস্থা-
- স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ
- নিয়মিত ব্যায়ামৰ প্ৰয়োজন
- পৰ্যাপ্ত টোপনি আৰু মানসিক চাপৰ পৰা দূৰত্বৰ প্ৰয়োজন
বিশেষকৈ যেতিয়া কোনোবাই নিজৰ পৰিয়ালৰ সদস্যক পাহৰিবলৈ আৰম্ভ কৰে তেতিয়া এলঝেইমাৰ ৰোগ এক যন্ত্ৰণাদায়ক অভিজ্ঞতা হ’ব পাৰে। যদি পৰিয়ালত ইয়াৰ ইতিহাস আছে তেন্তে সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন কৰি আৰু সময়মতে চিকিৎসকৰ পৰামৰ্শ লৈ আমি এই ৰোগৰ ভয়াৱহতা বহু পৰিমাণে হ্ৰাস কৰিব পাৰো।