হিমাচলৰ চাম্বা জিলাত গভীৰ নিশাৰ পৰা বৰষুণে বহুঠাইত দুৰ্যোগময় পৰিৱেশৰ সৃষ্টি কৰিছে। বহু ঠাইত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে। মণি মহেশ যাত্ৰাৰ সময়ত সুন্দৰাশীত ডাৱৰ বিস্ফোৰণৰ ফলত নলাত পানীৰ প্ৰবল সোঁত হয়। যাৰ ফলত যাত্ৰা ব্যাহত হৈছে।
ডাৱৰ বিস্ফোৰণৰ বাবে নলাৰে বৈ যোৱা জলাশয় আৰু লেতেৰা পানী বহুলোকৰ ঘৰত সোমাইছে। পৰ্যটনস্থলী ডালহাউচিৰ পৰা ৬ কিলোমিটাৰ নিলগত লিংক ৰোড তালাইৰ সমীপত সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণৰ ঘটনা। যদিও ইয়াত কোনো লোকৰ মৃত্যু হোৱা নাই। কিন্তু পানীৰ সোঁতৰ বাবে বহু সংখ্যক ডাঙৰ ডাঙৰ গছ ভাঙি পৰিছে। বৰ্তমান সেইবোৰ আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে।
ধাৰাসাৰ বৰষুণৰ বিধ্বংসী কাৰ্য এতিয়াও অব্যাহত আছে হিমাচলত। ভূমিস্খলন সংঘটিত নোহোৱা জিলা সদৰ সংযোগী কোনো পথ বাকী নাথাকে। জুলাহাকাদিৰ সমীপত ভূমিস্খলনৰ পৰা সংকীৰ্ণভাৱে পলায়ন কৰে এজন বাইক আৰোহীয়ে। ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ এ চাম্বা পাঠানকোট কেৰু পাহাৰতো অবিৰতভাৱে সংঘটিত হৈ আছে ভূমিস্খলন। পথটো মুকলি কৰিবলৈ প্ৰশাসনে মেচিন মোতায়েন কৰিছে।