জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়েই হিমাচল প্ৰদেশত বানপানীৰ প্ৰধান কাৰণ বুলি কয় মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখ্যুৱে। এই জটিল সময়ত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ সৈতে চৰকাৰে দৃঢ়তাৰে থিয় দিছে বুলিও তেওঁ জনায়।
ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখ্যুৱে কয় যে, জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়ে এই বানৰ মূল কাৰণ। আগন্তুক সময়ত আন পাহাৰীয়া ৰাজ্য বা উত্তৰ-পূবৰ ৰাজ্যসমূহো ইয়াৰ সন্মুখীন হ’ব আৰু আগন্তুক সময়ত এই পৰিস্থিতি আৰু অধিক অসহনীয় হৈ উঠিব। এই ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞসকলৰ মতামত লোৱা হ’ব।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্রীয়ে সকলো চৰকাৰী বিষয়াকে সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে। এই জটিল সময়ত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ সৈতে চৰকাৰে দৃঢ়তাৰে থিয় দিছে বুলিও তেওঁ কয়। লগতে জনসাধাৰণক প্ৰশাসনিক নিৰ্দেশনা মানি চলিবলৈ, সাৱধান হ’বলৈ আৰু নদ-নদী কাষলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক তিনিদিনৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এনে পৰিস্থিতিত সকলোৱে সতৰ্ক হৈ ইজনে সিজনক সহায় কৰিব লাগে বুলি কৈছে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিঙে।