বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে। বিহাৰৰ কাটিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কৰে এক ডাঙৰ মন্তব্য।
ড০ শৰ্মাই কয় যে, বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। বাবৰক গতিয়াই বাহিৰ কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে।হিন্দুক কেতিয়াও কোনেও দমন কৰিব নোৱাৰে।
তেওঁ লগতে কয় যে, অসমত ৪০ শতাংশ মুছলমান লোক আছে। ইয়াৰে একাংশ বাংলাদেশী আৰু অনুপ্ৰৱেশকাৰী। অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে দখল কৰা ভূমি খালী কৰিমেই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
অসমত তেওঁ ৬০০ মাদ্ৰাছা বন্ধ কৰি দিছে বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।











