মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ সকীয়নি। সামাজিক মাধ্যমত দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক জে’ললৈ যাব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ কয় যে, দিল্লীৰ ঘটনাত ফূৰ্তিৰে ইমোজি পোষ্ট লোকসকল অতি সোনকালেই বিপদত পৰিব।
দিল্লী কাণ্ডক সমৰ্থন কৰা লোকসকলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।DGPক এই সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
ড০ শৰ্মাই কয় যে, অসমৰ সকলো জনগণ একেলগ হ’ব লাগিব, যাতে সন্ত্ৰাসবাদে অসমত মূৰ তুলিব নোৱাৰে। অসমত সন্ত্ৰাসবাদে মূৰ তুলিব নোৱাৰাকে ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে।











