অসমৰ উপ-নিৰ্বাচনৰ বাবে তুংগত উঠিছে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰা নিজৰ ৰাজ্য অসমৰ উপ-নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে।
জানিব পৰা অনুসৰি, আগন্তুক দিন সমূহত মুখ্যমন্ত্ৰী শৰ্মাই পাঁচ সমষ্টিত মিত্ৰজোঁটে আগবঢ়োৱা প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ ল’ব।
মঙলবাৰে বৰাকৰ ধলাই সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্ৰী শৰ্মাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বিএনএমপি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী জনসভাত ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়।
প্ৰচাৰৰ সময়ত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই বিৰোধী তথা কংগ্ৰেছক পুনৰবাৰ চোকা ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘ইয়াত কংগ্ৰেছ জয়ী হ’লে সমষ্টিটোৰ বাবে কোনো ধৰণৰ উন্নয়ন প্ৰকল্প নিশ্চিত কৰিব নোৱাৰিব বিধায়কগৰাকীয়ে’।
‘ধলাইৰ ৰাইজে উপলব্ধি কৰিব লাগিব যে বিজেপি ক্ষমতাত থকাৰ সময়ত কংগ্ৰেছক ভোট দিয়াৰ অৰ্থ হ’ল এনে এটা মতা গৰুক লালন-পালন কৰা, যিয়ে কেতিয়াও গাখীৰ যোগান ধৰিব নোৱাৰে। বিজেপি উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, ঠিক যেনেকৈ জাৰ্চি গৰু এটাৰ সঠিক যত্ন ল’লে প্ৰচুৰ পৰিমানে গাখীৰ দিয়ে’, সভাত তেওঁ এইদৰে কয়।
আজিৰ দিনটোত ধলাই সমষ্টিত দুখনকৈ জনসভাত অংশ লোৱা মুখ্যমন্ত্ৰী শৰ্মাই ৭ নৱেম্বৰত চামগুৰি আৰু বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ঠিক সেইদৰে ৬ নৱেম্বৰত চিদলী আৰু বঙাইগাঁৱতো মিত্ৰদলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব।
উল্লেখ্য যে, অহা ১৩ নৱেম্বৰত অসমৰ পাঁচটা সমষ্টি ক্ৰমে ধলাই, চামগুৰি, বিহালী, বঙাইগাঁও আৰু চিদলী সমষ্টিত উপ-নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।