হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্য। কোটি-কোটি অনুৰাগীক কন্দুৱাই আজি অজান দেশলৈ গুচি গ’ল সকলোৰে মৰমৰ জুবিন গাৰ্গ। আজি দুপৰীয়া ছিংগাপুৰত মৃত্যু হয় জুবিন গাৰ্গৰ।
জুবিন গাৰ্গ নোহোৱা হোৱাৰ লগে লগে এতিয়া অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীক এবাৰ কাষৰ পৰা চাবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহত ভিৰ কৰিছে।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে আলোচনা কৰে।
আত্মীয়ক সাক্ষাত কৰি ওলাই অহাৰ পিছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘কাইলৈ নিশা জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী আহি পোৱাৰ সম্ভাৱনা আছে। সৰুসজাইত ৰখা হ’ব নশ্বৰ দেহ। ক’ত শেষকৃত্য সম্পন্ন কৰে পৰিয়ালে ল’ব সিদ্ধান্ত।’










