জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা চি আই ডিয়ে আজি পৰ্যন্ত কিয় ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজনক অসমলৈ আনিবলৈ বাধ্য কৰিব পৰা নাই তাক লৈ চলি থকা চৰ্চাৰ অন্ত পেলাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে।
জুবিনৰ তদন্ত সন্দৰ্ভত অসমবাসীয়ে দুই-এদিনতে ভাল খবৰ শুনিবলৈ পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে দুই-এদিনতে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল অসমলৈ অহাৰ সম্ভাৱনা আছে।
সাংবাদিকৰ আগত আজি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘জুবিনৰ তদন্ত সন্দৰ্ভত আপোনালোকে দুই এদিনতে ভাল খবৰ শুনিবলৈ পাব। প্ৰৱাসী অসমীয়াসকলে সহযোগিতা কৰিবলৈ সাজু। তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত লাভ কৰিছো।’
ইফালে, ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়েও তদন্ত আম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ছিংগাপুৰ আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। আমি কি কি তথ্য বিচাৰিছো সেয়া জনোৱা হৈছে ছিংগাপুৰ আৰক্ষীক।’