৩৫হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম অসমত সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২০২৫ৰ ডিচেম্বৰৰ পূৰ্বে অসমত ৩৫হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব।
অসমৰ উন্নয়নমূলক কামৰ প্ৰকল্প সকলো সম্পূৰ্ণ কৰি শেষ কৰিব বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ১২খন জিলাত এতিয়াও হৈ আছে ডাঙৰ ডাঙৰ প্ৰকল্প নিৰ্মাণৰ কাম। লোকনিৰ্মাণ বিভাগক কিমান টকা লাগিব আৰু বিত্ত বিভাগে কিমান টকা দিব পাৰিব আৰু দুয়োটা বিভাগৰ যাতে সকলোবোৰ কাম সমাধান হয়, তাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই চোৱা চিতা কৰি আছে বুলি উল্লেখ কৰিছে।
আনহাতে যিবিলাক কাম লেহেমিয়া গতিত চলি আছে সেই নিৰ্মাণথলীসমূহৰ পৰা ঠিকাদাৰক আঁতৰ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ২০২১ত আৰম্ভ কৰা সকলোবোৰ প্ৰকল্পৰ কাম ২০২৫ৰ ডিচেম্বৰৰ পূৰ্বে সমাপ্ত কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ২০২৫ৰ ভিতৰত মহেন্দ্ৰ মোহন চৌধুৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মহেন্দ্ৰ মোহন প্ৰকল্পটো অসমৰ ইতিহাসত আটাইতকৈ বৃহৎ প্ৰকল্প বুলি দোহাৰিলে হিমন্ত বিশ্ব শৰ্মাই।