‘অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালবৰ্গই ন্যায় পাব লাগিবই, কিন্তু ন্যায়ৰ নামত অসমক নেপাল সদৃশ পৰিৱেশ কৰা হ’ব বুলি একাংশ নৈৰাজ্যবাদীয়ে দিয়া ভাবুকিক কেতিয়াও প্ৰশ্চয় দিয়া নহ’ব’, হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত সংগঠনটোৱে কয় যে প্ৰাণৰ শিল্পীজনাৰ ন্যায়িত তদন্তত ব্যাঘাত জন্মাবৰ বাবে এতিয়া একাংশই জুবিন অনুৰাগীৰ নামত ন্যায়ৰ দাবীত অসমখন নেপাল সদৃশ পৰিৱেশ কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে, যিটো ৰাষ্ট্ৰৰ অখণ্ডতাৰ প্ৰতি খুবেই চিন্তাজনক কথা।
একাংশ ৰাজনৈতিক দল আৰু ভণ্ড অনুৰাগীয়ে জনগণৰ এই আৱেগৰ সুযোগ লৈ সম্পূৰ্ণ ন্যায়িক ব্যৱস্থাটোক ভেঙুচালি প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যখন অস্থিৰ কৰিবলৈ উঠি-পৰি লগাটো দুৰ্ভাগ্যজনক নহয় ই গৰিহণাৰহে যোগ্য বুলিও বিবৃতিটোত উল্লেখ কৰে সংগঠনটোৱে।
‘জুবিনৰ দেশৰ তচনচ কৰাত নিমজ্জিত হোৱা এই দল-সংগঠন তথা ভণ্ড অনুগামীবোৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি প্ৰয়োজন সাপেক্ষে এইসকলক ৰাষ্ট্ৰদোহৰ অপৰাধত কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছো’, এইদৰে উল্লেখ কৰে বিবৃতিটোত।
ইফালে সংগঠনটোৱে অনতিপলমে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰাৰ লগতে ত্ৰুটিহীনভাৱে কৰি প্ৰতিজন অসমীয়াৰ আস্থা আৰু ভাৰসাক সন্মান জনাই শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।