মহাশিৱৰাত্ৰীত ৰুদ্ৰঅভিষেক কৰাটো পৰম সৌভাগ্যৰ কথা। মহাদেৱৰ ভক্তই শিৱৰাত্ৰীৰ দিনা ৰুদ্ৰঅভিষেক কৰি পৰম শান্তি লাভ কৰে।
পানী, গাখীৰৰ ঢালি ৰুদ্ৰঅভিষেক কৰা হয়।পিছে প্ৰতিটো ৰুদ্ৰ অভিষেকৰ কিছু বিশেষ মাহাত্য আছে। পৌৰাণিক কাহিনী অনুসৰি, পানীৰে ৰুদ্ৰঅভিষেক কৰিলে সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰা হয়। গাখীৰ ঢালি ৰুদ্ৰঅভিষেক কৰিলে মানসিক ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি বিশ্বাস কৰা হয়।
বিভিন্ন সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ থাকিলে শিৱৰাত্ৰীৰ পবিত্ৰ দিনটোত মহাদেৱৰ মূৰ্তিত পানী ঢালি ৰুদ্ৰঅভিষেক কৰা উচিত। ইয়াৰ বাবে এটা তামৰ পাত্ৰত পানী লৈ পাত্ৰটোৰ বাহিৰত সেন্দুৰৰ ফোঁট দিব লাগে। ইয়াৰ পিছত ওম ইন্দ্ৰিয় নমঃ আৰু ওম নমঃ শিৱায় মন্ত্ৰোচ্চাৰণেৰে পাত্ৰত থকা পানীত ফুল অৰ্পন কৰিব লাগিব। তাৰ পাছত সেই পানীৰে শিৱলিংগত অভিষেক কৰিব লাগে। অভিষেক কৰাৰ সময়ত ওম তং ত্ৰিলোকীনাথায় স্বাহা মন্ত্র উচ্চাৰণ কৰিব লাগে।
শিৱ বাবাক সন্তুষ্ট কৰিবলৈ গাখীৰ ঢালি ৰুদ্ৰঅভিষেক কৰিলে তেওঁ সোনকালে সন্তুষ্ট হয়। ইয়াৰ বাবে ধাতুৰ পাত্ৰত গাখীৰ, দৈ আৰু পঞ্চঅমৃত মিহলাই ল’ব লাগে। তাৰ পিছত মন্ত্ৰোচ্ছাৰণৰ জৰিয়তে শিৱলিংগত ৰুদ্ৰঅভিষেক কৰিব লাগে।