ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৫৮৬- আকবৰৰ দৰবাৰ কবি বীৰবল বিদ্ৰোহী ইউছুফজাইৰ সৈতে হোৱা যুদ্ধত নিহত হয়।
১৯২১- ৰাছিয়াই জৰ্জিয়াৰ ৰাজধানী টিবিলিচি দখল কৰে।
১৯২৫- জাপান আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হয়।
১৯৪৫- দ্বিতীয় বিশ্বযুদ্ধত তুৰস্কই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯৫২- নৰৱেৰ ৰাজধানী অছলোত ষষ্ঠ শীতকালীন অলিম্পিক গেমছৰ সামৰণি পৰে।
১৯৬২- দেশৰ তৃতীয়টো লোকসভা নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰে। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ল জৱাহৰলাল নেহৰু।
১৯৮৮- ভাৰতৰ প্ৰথমটো পৃষ্ঠৰ পৰা পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰ পৃথ্বী সফলতাৰে উৎক্ষেপণ কৰা হয়।
২০০০- ৰাছিয়াৰ সংসদৰ নিম্ন সদন ডুমাই ভাৰতৰ সৈতে দ্বিপাক্ষিক প্ৰত্যাৰ্পণ চুক্তি অনুমোদন কৰে।
২০০৬- দীপা মেহতাৰ “পানী” ছবিয়ে “সোণালী কিন্নাৰি” বঁটা লাভ কৰে।
২০০৯- প্ৰাক্তন সামৰিক বিষয়া ধীৰাজ মালহোত্ৰাক আই পি এল প্ৰতিযোগিতাৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।
২০১০- ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে ভাষণ দিয়ে।
২০১১- ঝাৰখণ্ডত অনুষ্ঠিত ৩৪ সংখ্যক ৰাষ্ট্ৰীয় গেমছত ভাৰতীয় সেনাই ৬২ টা স্বৰ্ণ পদক লাভ কৰি তালিকাৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছিল, আনহাতে মণিপুৰে বহু উঠা-নমাৰ অন্তত দ্বিতীয় স্থান দখল কৰিছিল।








