ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
২০০১- ফিজিৰ অন্তৱৰ্তীকালীন চৰকাৰে পদত্যাগ কৰে।
২০০২- আজিৰ দিনটোতে ইছলামবাদত আৰম্ভ হয় সাৰ্কৰ তথ্য মন্ত্ৰী সন্মিলন। সন্মিলনৰ সময়ত পুনৰ দ্বিপাক্ষিক বিষয় উত্থাপন কৰে পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে।
২০০৩- কিউবাৰ সংসদে ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোক ষষ্ঠবাৰৰ বাবে নিৰ্বাচিত কৰি বিশ্বৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়।
২০০৬- ইৰাণৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক শক্তি সংস্থাৰ পৰা দেশখনৰ পাৰমাণৱিক কাৰ্যকলাপ স্থগিত ৰখাৰ বাবে ক্ষতিপূৰণৰ দাবী জনায়।
২০০৭- ভাৰত আৰু পাকিস্তানে সন্ত্ৰাসবাদৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ সন্মত হয়।
২০০৮- ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত একেৰাহে চতুৰ্থবাৰৰ বাবে শাসকীয় বাওঁ মঞ্চই জয়লাভ কৰে।
মহাকাশচাৰীয়ে মংগল গ্ৰহত এটা হ্ৰদ আৱিষ্কাৰ কৰে।
২০০৯- আগশাৰীৰ ধাতু কোম্পানী ষ্টাৰলাইট ইণ্ডাষ্ট্ৰীজে আমেৰিকাৰ তৃতীয় বৃহত্তম তাম উৎপাদনকাৰী কোম্পানী আছাৰকোক অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।







