ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৯৭ – ভগ্নী নিৰ্মলাক মাদাৰ টেৰেছাই ভাৰতীয় মিছনেৰীজ অৱ চেৰিটিৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰে।
১৯৯৯- শ্বেইখ হামাজ বিন ইছা আল খলিফা বাহৰেইনৰ নতুন শাসক হয়। ২৩ বছৰৰ বিৰতিৰ অন্তত শ্ৰীলংকা চৰকাৰে হত্যা আৰু ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধৰ মৃত্যুদণ্ড পুনৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়।
২০০২- ৰবাৰ্ট মুগাবে পুনৰ জিম্বাবুৱেৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে জাপান ভ্ৰমণ আৰম্ভ কৰি চিটিবিটিত স্বাক্ষৰ কৰিবলৈ সময় বিচাৰিছিল।
২০০৩- ফ্ৰান্সে ইৰাক সন্দৰ্ভত ব্ৰিটেইনৰ প্ৰস্তাৱ নাকচ কৰে।
২০০৮- ৰাজ্যপালগৰাকীয়ে খাদ্য সুৰক্ষা আৰু মানদণ্ড সংশোধনী বিল, ২০০৮ গৃহীত কৰে।সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে হিন্দুস্তান টাইমছ আৰু পাকিস্তানী কাকত ডনক কুলিছ বঁটা প্ৰদান কৰা হয়।
২০০৮- নাছাৰ মহাকাশ শাটল এণ্ডেভাৰ নিৰাপদে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয়। যৌন কেলেংকাৰীত জড়িত নিউয়ৰ্কৰ গৱৰ্ণৰ এলিয়ট স্পিটজাৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
২০০৯- আগ্ৰাত আৰম্ভ হয় সাৰ্ক সাহিত্য মহোৎসৱ।
২০১৮- ছত্তীশগড়ৰ চুকমাত নক্সালবাদী আক্ৰমণত নিহত হয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৯ জন জোৱান।









