ফ্ৰান্সৰ ৰাজধানী পেৰিছত চলি থকা পেৰালিম্পিকৰ পৰা আহিছে এটাৰ পিছত আন এটা ভাল খবৰ। প্ৰতিযোগিতাখনত অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ দমনীয় প্ৰদৰ্শন। শুকুৰবাৰে ভাৰতৰ হৈ পুৰুষৰ শ্বট পুটত ব্ৰঞ্জৰ পদক লাভ কৰে হোকাটো হোটঝে ছেমাই। ছেমাৰ জৰিয়তে ভাৰতে লাভ কৰিলে ২৭ সংখ্যক মেডেল।
নাগালেণ্ডৰ বাসিন্দা হোকাটোৰ জীৱন কাহিনী যথেষ্ট বেদনাদায়ক। কিন্তু ইয়াৰ পিছতো তেওঁ জীৱনত থমকি ৰোৱা নাছিল আৰু এতিয়া দেশৰ হৈ পদক লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়।
জানিব পৰা মতে, ভাৰতীয় সেনাৰ জোৱান আছিল হোকোটা। মাত্ৰ ১৭ বছৰ বয়সতে যোগ দিছিল ভাৰতীয় সেনাত। তেওঁ স্পেচিয়েল ফ’ৰ্চৰ অংশ আছিল। তেওঁ এল অ’ চিত কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়তে সংঘটিত লেণ্ড মাইন বিস্ফোৰণত তেওঁ এখন ভৰি হেৰুৱায় পেলায়।
দুৰ্ভাগ্যজনক এই ঘটনাৰ পিছতো তেওঁ হাৰ নামানি শ্বট পুট খেলত অধিক মনোনিৱেশ কৰে। আৰু অৱশেষত ৪০ বছৰ বয়সত তেওঁ পেৰালিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জ পদক অৰ্জন কৰে।
পুৰুষৰ শ্বট পুট এফ৫৭ শাখাৰ ফাইনেলত তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। তেওঁৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ১৪.৬৫ মিটাৰ। এয়া আছিল তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। এই শাখাত ইৰাণৰ য়াছিন খোছৰাভিয়ে স্বৰ্ণ পদক লাভ কৰিছে। আনহাতে ব্ৰাজিলৰ থিয়াগো পৌলিনোৱে ৰূপৰ পদক লাভ কৰে।










