শনিবাৰে বলিভিয়াৰ প’ট’ছি অঞ্চলত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ৩৭ জন লোকৰ মৃত্যু হয়। আনহাতে এই দুৰ্ঘটনাত ৩৯ জন লোক আহত হয়। এই তথ্য আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। জানিব পৰা মতে, স্থানীয় সময় অনুসৰি পুৱা ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
প’ট’ছিৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, আৰক্ষীয়ে মৃত লোকসকলক চিনাক্ত কৰাৰ বাবে কাম কৰি আছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছসমূহৰ ভিতৰত এখন অ’ৰুৰোলৈ গৈ আছিল। দুৰ্ঘটনাটোত লিপ্ত হোৱা এখন বাছৰ চালকে মদ্যপান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।
উল্লেখ্য যে, শেহতীয়াকৈ বলিভিয়াৰ এই অঞ্চলসমূহত বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে। বলিভিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ছবিত দেখা গৈছে যে এখন বাছৰ ধ্বংসাৱশেষ, ইয়াৰ বাহিৰৰ অংশ ছিন্নভিন্ন হৈ পৰিছে আৰু ৰাস্তাৰ কাষত সামগ্ৰীবোৰ সিঁচৰতি হৈ আছে।