দেশৰ লাখ লাখ ক্ৰিকেটানুৰাগীৰ বাবে সুখবৰ। আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। এই জয়েৰে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয়।
এতিয়া চূড়ান্ত হৈছে ৪ ছেমিফাইনেলিষ্ট দল- অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আৰু ভাৰত। ২৯ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলৰ বিপৰীতে মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমিফাইনেল আৰু ফাইনেল।
নিউজিলেণ্ডৰ বিৰুদ্ধে স্মৃতি মান্ধানা আৰু প্ৰতীকা ৰাভালে গঢ়ে ২১২ ৰানৰ অভিলেখ।ভাৰতীয় অ’পেনাৰ স্মৃতি মান্ধনা (১০৯ ৰান) আৰু প্ৰতীকা ৰাভালে (১২২ ৰান) ২১২ ৰানৰ অভিলেখ অ’পেনিং পাৰ্টনাৰশ্বিপেৰে ভাৰতক শক্তিশালী আৰম্ভণি কৰে। একেৰাহে তিনিবাৰকৈ পৰাজয়ৰ অন্তত বৃহস্পতিবাৰে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই।
এই জয়ৰ জৰিয়তে ভাৰতে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা শেষ দল হিচাপে পৰিগণিত হয়। এতিয়া ইতিহাস ৰচনা কৰিবলৈ মাত্ৰ দুটা জয়ৰ বাকী আছে টীম ইণ্ডিয়াৰ। যদিহে ফাইনেলত জয়ী হয় তেন্তে সেয়া হ’ব তেওঁলোকৰ প্ৰথম মহিলা বিশ্বকাপ খিতাপ।
২৬ অক্টোবৰত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন লীগ মেচ খেলিব, যিখন ছেমি ফাইনেলৰ পূৰ্বে দলটোৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধিৰ সুযোগ হ’ব।










