এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাত ভাৰতৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে। শনিবাৰে পুল ষ্টেজৰ এখন খেলত হৰমনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় দলে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰে।
ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীতে দুয়োটা গ’ল দিয়ে। এই প্ৰতিযোগিতাত ভাৰতৰ এয়া আছিল একেৰাহে পঞ্চমটো জয়। এই জয়ৰ লগে লগে ইতিমধ্যে টিম ইণ্ডিয়াই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
প্ৰথমখন খেলত ভাৰতে দক্ষিণ কোৰিয়াক ৩-১ গ’লত পৰাস্ত কৰে। আনহাতে, দ্বিতীয়খন মেচত টিম ইণ্ডিয়াই মালয়েছিয়াক ৮-১ গ’লত পৰাস্ত কৰিছিল।
তৃতীয়খন খেলত ভাৰতীয় দলটোৱে জাপানক ৫-১ গ’লত পৰাস্ত কৰে। একে সময়তে চতুৰ্থখন খেলত হৰমনপ্ৰীতৰ দলে চীনক ৩-০ গ’লত পৰাস্ত কৰে।
এই প্ৰতিযোগিতাত ভাৰতে এই পৰ্যন্ত ২১টা গ’ল দিয়াৰ বিপৰীতে বিপক্ষই মাত্ৰ ৪টা গ’লহে দিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত এই পৰ্যন্ত হৰমনপ্ৰীতে ৫টা গ’ল আৰু অৰিজিৎ সিঙে তিনিটা গ’ল দিয়ে।