ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰত চৰকাৰৰ অনুৰোধত নিজৰ ভঁৰালৰ দুৱাৰ খুলি দিয়া ৰাণী কামচুন্দৰী দেৱীৰ দেহাৱসান। দৰভংগা বংশৰ শেষ ৰাণী কামচুন্দৰী দেৱীয়ে চৰকাৰক প্ৰায় ৬০০ কিলোগ্ৰাম সোণ দান কৰিছিল।কিন্তু পাৰিবাৰিক বিবাদৰ বাবে তেওঁৰ অন্তিম যাত্ৰাৰ পূৰ্বে তেওঁৰ ৰাজপ্ৰসাদত পৰিয়ালৰ লোকৰ মাজত কাজিয়া আৰম্ভ হয়।
দৰভংগা মহাৰাজা কামেশ্বৰ সিঙৰ তৃতীয় আৰু অন্তিম পত্নী মহাৰাণী কামচুন্দৰী দেৱীৰ অন্তিম অনুষ্ঠান আজি পূৰ্ণ হিন্দু ৰীতি-নীতিৰে দৰভংগা ৰাজকোষৰ মধেশ্বৰ চোতালত সম্পন্ন কৰা হয়। বিহাৰ চৰকাৰে তেওঁক ৰাজ্যিক সন্মান প্ৰদান কৰাৰ লগতে নাতি ৰত্নেশ্বৰ সিঙে অন্ত্যেষ্টিক্ৰিয়া কৰে। বিহাৰ চৰকাৰৰ মন্ত্ৰী দিলীপ জয়ছৱালেও মধেশ্বৰ চোতাল পৰিদৰ্শন কৰি মহাৰাণীৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে। দৰভংগা ৰাজ পৰিয়ালে নিজৰ ব্যক্তিগত ধন-সম্পত্তিৰ পৰা অসংখ্য পথ, শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় আদি নিৰ্মাণ কৰিছিল।
কিন্তু অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ পূৰ্বে মহাৰাণীৰ বাসগৃহৰ পৰিৱেশ উত্তাল হৈ পৰে। এক পাৰিবাৰিক বিবাদ শাৰীৰিক হিংসা পৰ্যন্ত তীব্ৰতৰ হৈ পৰে। আৰক্ষীৰ উপস্থিতিত দুয়োপক্ষৰ মাজত মৌখিক কাজিয়া হয়। এই বিবাদ সম্পত্তি আৰু উত্তৰাধিকাৰক লৈ হোৱা বুলি অনুমান কৰা হৈছে। লগে লগে আৰক্ষীয়ে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুয়োটা পক্ষক পৃথক কৰি পেলায়। এই হিংসাই সমগ্ৰ চহৰখনতে ব্যাপক চৰ্চা লাভ কৰাৰ বিপৰীতে ৰাজপৰিয়ালে কৰা ভাল কামবোৰো বিতৰ্কৰ বিষয় হৈ পৰে।










