১৮ জুলাইৰ পৰা আৰম্ভ হোৱা ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ সম্পৰ্কত আহিছে এক ডাঙৰ খবৰ। আজি ইণ্ডিয়া লিজেণ্ডছ আৰু পাকিস্তান লিজেণ্ডছৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ চতুৰ্থখন মেচ বাতিল কৰা হৈছে।
জানিব পৰা অনুসৰি, ভাৰতৰ কেইবাগৰাকীও ক্ৰিকেটাৰে পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱাৰ বাবেই মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই মেচখনক লৈ হোৱা বিতৰ্কৰ পিছতেই ইণ্ডিয়া লিজেণ্ডছৰ হৰভজন সিং, অপেনাৰ বেটাৰ শিখৰ ধাৱান, সুৰেশ ৰাইনাৰ লগতে অলৰাণ্ডাৰ ইউছুফ পাঠানে মেচখন খেলিবলৈ অমান্তি হয়।
উল্লেখ্য যে, অপাৰেশ্যন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে খেলপথাৰত মুখামুখি হোৱাৰ কথা আছিল ভাৰত-পাকিস্তান। কিন্তু মেচখনক লৈ অনুৰাগীসকলৰ মাজত তীব্ৰ অসন্তুষ্টি আছিল আৰু অধিকাংশ লোকেই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল।
অনুৰাগীসকলৰ মনৰ অসন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি এই মেচখনত খেলিবলগীয়া ক্ৰিকেটাৰসকলেও বিৰোধিতা কৰাত অৱশেষত আয়োজকে মেচখন বাতিল কৰিবলৈ বাধ্য হয়।
ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছে শ্বেয়াৰ কৰা এটা পোষ্টত কোৱা হৈছে, ‘পাকিস্তান হকী দলৰ ভাৰত ভ্ৰমণ আৰু শেহতীয়াকৈ ভাৰত-পাকিস্তান ভলীবল খেলৰ পিছত আমি ভাৰত বনাম পাকিস্তান মেচ আয়োজন কৰাৰ কথা ভাবিছিলো। অৱশ্যে আমি উপলব্ধি কৰিলো যে ইয়াৰ ফলত বহুতৰে অনুভৱত আঘাত পাব পাৰে। ভাৰতীয় ক্ৰিকেট কিংবদন্তি আৰু আমাৰ সমৰ্থকসকলকো আমি অস্বস্তিকৰ পৰিস্থিতিত ৰাখিছো। সেয়েহে আমি এই মেচখন বাতিল কৰাৰ সিদ্ধান্ত লৈছো। আশাকৰো আমাৰ অনুভৱ বুজি পাব।’