নৱবৰ্ষৰ ঠিক পূৰ্বে আমেৰিকাত নিৰুদ্দেশ হৈছিল এগৰাকী ২৭ বছৰীয়া ভাৰতীয় মহিলা। তাৰ পিছতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তথ্য।
মেৰিলেণ্ডৰ এলিকট চিটিৰ বাসিন্দা নিকিতা গোদিছাক প্ৰাক্তন প্ৰেমিকৰ এপাৰ্টমেণ্টত মৃ*ত অৱস্থাত উদ্ধাৰ কৰা হয়। নিকিতাৰ দেহত একাধিকবাৰ ছুৰীৰে আঘাত কৰা হৈছিল। নিকিতাক তেওঁৰ প্ৰাক্তন প্ৰেমিকে হত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
এক প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে জনোৱা মতে, শেষবাৰৰ বাবে নিকিতাক দেখা হৈছিল নৱবৰ্ষৰ ঠিক পূৰ্বে। ইয়াৰ পিছতে নিকিতাক প্ৰাক্তন প্ৰেমিক অৰ্জুন শৰ্মাৰ এপাৰ্টমেণ্টত মৃ*ত অৱস্থাত উদ্ধাৰ হয়। নিকিতাৰ মৃতদেহত একাধিকবাৰ ছুৰীৰে আঘাত কৰা হৈছিল। আৰক্ষী বিষয়াসকলৰ মতে, নিকিতাক হত্যা কৰিছিল তেওঁৰ প্ৰাক্তন প্ৰেমিকে, তাৰ পিছত তেওঁ ভাৰতলৈ পলায়ন কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ৱাৰেণ্ট জাৰি কৰিছে।
প্ৰতিবেদন অনুসৰি, অৰ্জুন শৰ্মাই ২ জানুৱাৰীত আৰক্ষীক অৱগত কৰিছিল যে নিকিতা নিৰুদ্দেশ হৈছে। পৰৱৰ্তী সময়ত তেওঁ নিৰুদ্দেশ হোৱা ব্যক্তিৰ প্ৰতিবেদন দাখিল কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, তেওঁ শেষবাৰৰ বাবে নিকিতাক ৩১ ডিচেম্বৰত মেৰিলেণ্ডৰ এপাৰ্টমেণ্টত দেখা পাইছিল। ইয়াৰ পিছতে ৩ জানুৱাৰীত আৰক্ষীয়ে অৰ্জুন শৰ্মাৰ এপাৰ্টমেণ্টত তালাচী চলাই নিকিতাৰ মৃতদেহ উদ্ধাৰ কৰে, য’ত বহু লোক আহত হয়।
আৰক্ষীয়ে দাবী কৰিছে যে অৰ্জুন শৰ্মাই হত্যাকাণ্ড সংঘটিত কৰি ভাৰতলৈ পলায়ন কৰে। ইতিমধ্যে তেওঁ আমেৰিকা এৰি যোৱাৰ পৰিকল্পনা সেই একেটা দিনটেই কৰিছিল, যিদিনা তেওঁ থানালৈ অভিযোগ দাখিল কৰিবলৈ গৈছিল। আৰক্ষীয়ে জনোৱা মতে, ৩১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত নিকিতাক হত্যা কৰা হৈছিল। হত্যাৰ উদ্দেশ্য বৰ্তমানেও জানিব পৰা হোৱা নাই আৰু তদন্ত অব্যাহত আছে। ভাৰতীয় দূতাবাস নিকিতাৰ পৰিয়ালৰ সৈতে সংস্পৰ্শত আছে আৰু তেওঁলোকক সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি উল্লেখ কৰে।









