ভাৰতৰ প্ৰশংসাত গদগদ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবটৰ। তেওঁ কয় যে একবিংশ শতিকা ভাৰতৰ শতিকা, আৰু অহা চাৰি-পাঁচ দশকত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বক নেতৃত্ব দিব পাৰিব।
এবটে কয় যে ভাৰত এতিয়া বিশ্ব শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এছিয়া-পেচিফিক অঞ্চলত চীনক প্ৰতিহত কৰি গণতান্ত্ৰিক শক্তি হিচাপে নিজৰ ভূমিকা পালন কৰিব লাগে। অষ্ট্ৰেলিয়াৰ বাবে এক শক্তিশালী আৰু নিৰ্ভৰযোগ্য অংশীদাৰ হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে।
টনি এবটে কয় যে অষ্ট্ৰেলিয়া (২০২২) আৰু ব্ৰিটেইন (২০২৪)ৰ সৈতে ভাৰতৰ যি মুক্ত বাণিজ্য চুক্তি হৈছে, সেয়া হৈছে গণতান্ত্ৰিক বিশ্বই এতিয়া চীনৰ পৰা আঁতৰি থকাৰ সংকেত।
তেওঁ চীন, পাকিস্তান আৰু আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক সন্দৰ্ভত কয় যে বেইজিঙৰ ‘গোলকীয় আধিপত্য’ৰ উচ্চাকাংক্ষাক প্ৰতিহত কৰাৰ চাবিকাঠি দিল্লীৰ হাতত আছে। তেওঁ কয় যে চীনে আধিপত্য বিস্তাৰ কৰাৰ ইচ্ছা সকলো চুবুৰীয়া দেশৰ বাবে আতংকজনক।
উল্লেখ্য যে, দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আয়োজন কৰা ৱৰ্ল্ড ছামিটত ভাৰত সম্পৰ্কত এই মন্তব্য কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি এবটে।