আজি বিশ্ব যোগ দিৱস। আজি ২১ জুন তাৰিখে সমগ্ৰ বিশ্বই পালন কৰিছে যোগ দিৱস।
প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীনগৰত থাকি অংশ লৈছে যোগ দিৱসত। সমগ্ৰ বিশ্বকে যোগ দিৱসত সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কেন্দ্ৰীয় মন্ত্ৰীসকলে পৃথক পৃথক স্থানত অংশ লৈছে যোগ দিৱসত। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিল্লীত অংশ লৈছে যোগ দিৱসত। প্ৰধানমন্ত্ৰীৰ মোদী বৃহস্পতিবাৰে উপস্থিত হয় জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত। তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া প্ৰথমটো কাশ্মীৰ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ।
কাশ্মীৰৰ যুৱক-যুৱতীক সশক্তিকৰণ কৰাৰ লক্ষ্যৰে ভাষণ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ উন্নতিৰ বাবে ৩৩০০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰে। শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ ইণ্টাৰনেশ্যনেল কনফাৰেন্স চেণ্টাৰত যোগ দিৱসত অংশ লয় মোদীয়ে।