ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। চিলিণ্ডাৰ বুকিঙৰ বাবে মুকলি কৰিছে দুটাকৈ নতুন নম্বৰ।
ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (IOCL)এ ৰন্ধন গেছ চিলিণ্ডাৰ বুকিঙৰ বাবে দুটা নতুন বিশেষ নম্বৰ মুকলি কৰিছে। গ্ৰাহকসকলে এই দুয়োটা নম্বৰত মিছড কল দি বা ফোন কৰি সহজে ঘৰতে চিলিণ্ডাৰ বুক কৰিব পাৰিব।এই ব্যৱস্থাই পুৰণি নম্বৰৰ সমস্যা দূৰ কৰি বুকিং প্ৰক্ৰিয়া সহজ কৰি তুলিব।
এই ২টা নম্বৰ হৈছে-
- 8927225667
- 8391990070
এই নম্বৰত মিছড কল দি বা ফোন কৰি গ্ৰাহকে অতি সহজে চিলিণ্ডাৰ বুক কৰিব পাৰিব। গেছ বুকিঙৰ ক্ষেত্ৰত গ্ৰাহকে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে এই পদক্ষেপ লৈছে IOCLএ।











