আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা পুনৰ তুংগত উঠিছে। খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী স্থায়ীভাৱে বন্ধ কৰাৰ বাবে বিপজ্জনক ‘২ পৰ্যায়ৰ’ সামৰিক পৰিকল্পনাৰ কথা বিবেচনা কৰি আছে। এই পৰিকল্পনাৰ লক্ষ্য কেৱল ইৰাণক পাৰমাণৱিক চুক্তি মানি চলিবলৈ বাধ্য কৰাই নহয়, ই বিফল হ’লে তেহৰাণত শাসন ব্যৱস্থা সলনি কৰাৰ ইংগিতো দিয়া হৈছে।
প্ৰথম পৰ্যায়ত সীমিত বিমান আক্ৰমণ হ’ব, যাৰ লক্ষ্য হ’ব ইৰাণক পাৰমাণৱিক চুক্তি মানি চলিবলৈ বাধ্য কৰা। যদিহে তেহৰানে তাৰপিছতো নিজৰ পাৰমাণৱিক সমৃদ্ধি কাৰ্যসূচী বন্ধ নকৰে তেন্তে আমেৰিকাই পূৰ্ণাংগ সামৰিক অভিযান আৰম্ভ কৰিব পাৰে। এই পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ অধীনত আমেৰিকাই ইৰাণৰ নিৰ্বাচিত সামৰিক ঘাটি বা চৰকাৰী সুবিধাসমূহৰ বিৰুদ্ধে “সীমিত বিমান আক্ৰমণ” চলাব পাৰে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ইৰাণলৈ এক বাৰ্তা প্ৰেৰণ কৰা যে, ট্ৰাম্পৰ দাবী কেৱল মৌখিক ভাবুকিতেই থমকি নাথাকে। ট্ৰাম্পে বিচাৰে ইৰাণে নিজৰ সকলো সমৃদ্ধ ইউৰেনিয়াম দেশৰ বাহিৰলৈ প্ৰেৰণ কৰি দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ মজুত সীমিত কৰক। তদুপৰি ট্ৰাম্পে বিচাৰে যে ইৰাণে হিজবুল্লাহ আৰু হাউথীৰ দৰে গোটৰ প্ৰতি সমৰ্থন বন্ধ কৰক।
আকৌ প্ৰথম পৰ্যায়ৰ পিছত যদি ইৰাণৰ উচ্চতম নেতা আলী খামেনেই আৰু চৰকাৰ অস্থিৰ হৈ থাকে, তেন্তে ট্ৰাম্পে দ্বিতীয় পৰ্যায়ৰ অনুমোদন দিব। ইৰাণৰ সমগ্ৰ সামৰিক যন্ত্ৰপাতি আৰু শাসন ব্যৱস্থাক লক্ষ্য কৰি এইটো হ’ব “বহল অভিযান”। বিশেষজ্ঞসকলৰ মতে এইবাৰ ট্ৰাম্পৰ লক্ষ্য কেৱল পাৰমাণৱিক স্থানতে সীমাবদ্ধ নাথাকিব, বৰঞ্চ ১৯৭৯ চনৰ বিপ্লৱৰ পিছত বৰ্তমান ইৰাণৰ শাসন ব্যৱস্থাক উৎখাত কৰাটোৱেই হ’ব।
বিগত কেইসপ্তাহমানৰ পৰা আমেৰিকাই মধ্যপ্ৰাচ্যত সামৰিক উপস্থিতি অভূতপূৰ্ব স্তৰলৈ বৃদ্ধি কৰিছে। ১০০খনতকৈও অধিক যুঁজাৰু বিমান, এক ডজন যুদ্ধজাহাজ আৰু দুটা বিমানবাহী জাহাজ আক্ৰমণকাৰী গোট—ইউ এছ এছ জেৰাল্ড ফৰ্ড আৰু ইউ এছ এছ আব্ৰাহাম লিংকন—এই অঞ্চলত নিয়োগ কৰা হৈছে। এই নিয়োগসমূহৰ দ্বাৰা অঞ্চলটোত আমেৰিকাৰ সৈন্যৰ সংখ্যা প্ৰায় ৪০ হাজাৰ হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এই সামৰিক বিল্ডআপ কেইবা সপ্তাহ ধৰি চলা অভিযানৰ বাবে যথেষ্ট।
কিন্তু এই শক্তি প্ৰদৰ্শন কেৱল আলোচনাৰ কৌশল নেকি বা ট্ৰাম্প প্ৰশাসনে সঁচাকৈয়ে তেহৰাণ শাসন ব্যৱস্থাক অস্থিৰ কৰাৰ দিশত আগবাঢ়িছে নেকি সেয়া স্পষ্ট নহয়। বিশেষজ্ঞসকলে কয় যে ইৰাণৰ বৰ্তমানৰ শাসন ব্যৱস্থা হয়তো ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত আটাইতকৈ দুৰ্বল অৱস্থাত আছে।
শেহতীয়াকৈ হোৱাইট হাউছত শীৰ্ষ উপদেষ্টাসকলৰ সৈতে হোৱা বৈঠকৰ পিছত ট্ৰাম্পে শান্তি ব’ৰ্ডৰ বৈঠকত ইংগিত দিছিল যে অহা ১০ৰ পৰা ১৫ দিনত কি হ’ব সেয়া বিশ্বই জানিব। ট্ৰাম্পে স্পষ্টকৈ কয় যে, ইৰাণে চুক্তি কৰিব লাগিব, নহ’লে ইৰাণৰ অন্ত অতি শোচনীয় হ’ব। ইৰাণে এতিয়াও ট্ৰাম্পৰ চৰ্তত সন্মতি দিয়া নাই। শেহতীয়াকৈ জেনেভাত হোৱা আলোচনাৰ পিছত ইৰাণে অহা দুসপ্তাহৰ ভিতৰত নতুন লিখিত প্ৰস্তাৱ দাখিল কৰাৰ প্ৰস্তুতি চলাইছে।











