পুনৰবাৰ যুদ্ধৰ মাজত সোমাই পৰিছে আমেৰিকা। মানৱ সম্পদৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।
ইৰাণৰ ওপৰত আক্ৰমণৰ প্ৰথম ২৪ ঘণ্টাতেই আমেৰিকাই ব্যয় কৰিছিল ৭৭৯ মিলিয়ন ডলাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে এই যুদ্ধ প্ৰায় এমাহ বা হয়তো তাতোকৈ বেছিদিনো চলাৰ সম্ভাৱনা আছে।
তথ্য অনুসৰি, কেৱল এটা কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ পৰিচালনাৰ বাবে দৈনিক প্ৰায় ৬.৫ মিলিয়ন ডলাৰ খৰচ হয়। ইৰাণৰ ওপৰত আক্ৰমণৰ বাবে আমেৰিকাই জেৰাল্ড আৰ ফ’ৰ্ডকে ধৰি দুটাকৈ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ মধ্যপ্ৰাচ্যত মোতায়েন কৰিছে।
এই আক্ৰমণৰ পূৰ্বে বিমান, নৌসেনাৰ জাহাজ নিয়োগ, আঞ্চলিক সম্পদ সংগ্ৰহকে ধৰি সামৰিক প্ৰস্তুতিৰ আনুমানিক ব্যয় আছিল প্ৰায় ৬৩ কোটি। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰি প্ৰায় ১২০০ লোকক হত্যা কৰি ২৫১ জন পণবন্দী লোৱাৰ পিছৰে পৰা আমেৰিকাই ইজৰাইলক ২১.৭ বিলিয়ন ডলাৰৰ সামৰিক সাহায্য প্ৰদান কৰিছে। ইয়াৰ ভিতৰত য়েমেন, ইৰাণ আৰু মধ্যপ্ৰাচ্যত ইজৰাইলৰ কাৰ্য্যকলাপৰ খৰচো অন্তৰ্ভুক্ত, যাৰ বাবে ৯.৬৫ বিলিয়ন ডলাৰৰ পৰা ১২.০৭ বিলিয়ন ডলাৰৰ ভিতৰত খৰচ হয়।







