ইৰাণৰ বিৰুদ্ধে গতানুগতিক বিমান আক্ৰমণৰ বাহিৰেও সামৰিক আৰু গোপন অস্ত্ৰৰ বিষয়ে অৱগত কৰা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। পেন্টাগনে ট্ৰাম্পক বিমান আক্ৰমণ আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ উপৰিও চাইবাৰ অভিযান আৰু মানসিক অভিযানৰ বিকল্পৰ বিষয়ে অৱগত কৰিছে।
প্ৰতিৰক্ষা বিভাগৰ দুজন বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত সংবাদ মাধ্যমক এই তথ্য প্ৰদান কৰে। ইৰাণত তীব্ৰতৰ হৈছে চৰকাৰ বিৰোধী এই প্ৰতিবাদ। এই অভিযানসমূহৰ লক্ষ্য হৈছে ইৰাণৰ কমাণ্ড ষ্ট্ৰাকচাৰ, যোগাযোগ, আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাঘাত জন্মা। বিষয়াসকলে কয় যে, এই চাইবাৰ আৰু মানসিক অভিযানসমূহ গতানুগতিক সামৰিক কাৰ্য্যৰ পৰা একেলগে বা পৃথকে চলাব পৰা যাব।
অৱশ্যে চাইবাৰ আক্ৰমণত ইৰাণৰ কোনটো ডিজিটেল আন্তঃগাঁথনি লক্ষ্য কৰি লোৱা হ’ব পাৰে বা চৰকাৰী সংবাদ মাধ্যমৰ বিৰুদ্ধে এই মানসিক অভিযান কেনেদৰে চলোৱা হ’ব সেই বিষয়ে বিষয়াসকলে স্পষ্ট কৰা নাই। তেওঁলোকে জোৰ দি কয় যে, কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই আৰু কূটনৈতিক চেনেল মুকলি হৈ আছে।
ইৰাণৰ নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীক হত্যা কৰিলে আমেৰিকাই হস্তক্ষেপ কৰিব পাৰে বুলি কেইবাসপ্তাহ ধৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে সকীয়াই দি আহিছে। ২০২৬ চনৰ ১১ জানুৱাৰীত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে, ইৰাণৰ নেতৃত্বই আলোচনা কৰিব বিচাৰে যদিও আমেৰিকাৰ সেনাই “কিছুমান অতি শক্তিশালী বিকল্প”ৰ কথা বিবেচনা কৰিছে।
২০২৬ চনৰ ১৩ জানুৱাৰী মঙলবাৰে হোৱাইট হাউছত বৈঠকত মিলিত হ’ব ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলটোৱে ইৰাণৰ বাবে নতুন বিকল্পৰ বিষয়ে আলোচনা কৰিব। অৱশ্যে ট্ৰাম্পে নিজেই এই বৈঠকত অংশগ্ৰহণ কৰিব নে নকৰে সেয়া স্পষ্ট হোৱা নাই।










