ইজৰাইলৰ বিৰুদ্ধে আল আকছা মছজিদলৈ অহা মুছলমানক হাৰাশাস্তি কৰাৰ ধাৰাবাহিক অভিযোগ উত্থাপিত হৈছে। আগন্তুক ৰমজানৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলে এইবাৰ আল আকছাত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ লগতে আশে-পাশে থকা অঞ্চল অৰ্থাৎ জেৰুজালেমৰ পুৰণি চহৰতো বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ইজৰাইলৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইজৰাইলৰ চোৰাংচোৱা সংস্থা শ্বিন বেট, আৰক্ষী বাহিনী, কাৰাগাৰ কৰ্তৃপক্ষ আৰু সেনাৰ সৈতে অঞ্চলটোৰ নিৰাপত্তা পৰিকল্পনা সন্দৰ্ভত কেইবাখনো আলোচনাত মিলিত হৈছে। ইয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।
ইজৰাইলে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি, আল আকছাত মাত্ৰ কেইহাজাৰমান লোককহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব। এই মছজিদ ৰমজানৰ সময়ত প্ৰায়ে ভৰি থাকে। যাৰ বাবে কেৱল নিৰ্বাচিত বয়সৰ লোককহে মছজিদলৈ যাবলৈ দিয়া হ’ব। ইয়াৰ ভিতৰত ৫৫ বছৰৰ ওপৰৰ বৃদ্ধ, ৫০ বছৰৰ ওপৰৰ মহিলা আৰু ১২ বছৰৰ তলৰ শিশু অন্তৰ্ভুক্ত।
অৱশ্যে শুকুৰবাৰৰ বাবে এই নিয়মৰ কিছু ব্যতিক্ৰম হ’ব। এই দিনটোত ১০ হাজাৰ লোকক আল আকছালৈ যাবলৈ দিয়া হ’ব। নামজ পঢ়িব বিচৰাসকলে প্ৰথমে ইয়াৰ বাবে অনুৰোধ জমা দিব লাগিব।