অধিক উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। হিজবুল্লাহৰ ওপৰত চলি থকা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে শনিবাৰে ইজৰাইলত আক্ৰমণ সংঘটিত কৰিছে লেবাননে। ইজৰাইলৰ এখন সংবাদপত্ৰত প্ৰকাশিত খবৰ অনুসৰি, আজি লেবাননৰ তৰফৰ পৰা কৰা ড্ৰোণ আক্ৰমণত এটা ঘৰ ক্ষতিগ্ৰস্ত হয়।
মধ্য ইজৰাইলৰ কেশৰীয়া চহৰত সংঘটিত হৈছিল এই আক্ৰমণ। ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰক লক্ষ্য কৰিয়েই এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে ইজৰাইৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু তেওঁৰ ঘৰ সম্পূৰ্ণ সুৰক্ষিত।
ইজৰাইল ডিফেন্স ফোৰ্চেজে জনোৱা অনুসৰি লেবাননৰ তৰফৰ পৰা তিনিটা ড্ৰোণেৰে আক্ৰমণ কৰা হৈছিল আৰু ইয়াৰে এটা মধ্য ইজৰাইলৰ কেশৰীয়া চহৰৰ এটা ঘৰক লক্ষ্য কৰি লোৱা হৈছিল। ঘৰটো ক্ষতিগ্ৰস্ত হৈছে যদিও এই ঘটনাত কোনো লোকৰে হতাহতি হোৱা নাই বুলি জানিব দিয়ে।
স্থানীয় আৰক্ষীয়ে জনোৱা মতে, কেশৰীয়া অঞ্চলত বিস্ফোৰণৰ শব্দ শুনা গৈছিল। লেবাননৰ পৰা চলা এই বিমান আক্ৰমণৰ তদন্ত চলি আছে।
ইজৰাইলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এয়াৰ ডিফেন্স চিষ্টেমে এই ড্ৰ’নসমূহ ৰুধিবলৈ অক্ষম বুলি প্ৰমাণিত হয়। ইজৰাইলৰ সংবাদ মাধ্যমেও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে ইজৰাইলৰ সীমান্তত সহজেই ড্ৰ’ন কেইখনে প্ৰৱেশ কৰিছিল। প্ৰাপ্ত খবৰ অনুসৰি এই ড্ৰ’ন কেইখন সেনাৰ হেলিকপ্টাৰৰ সমীপৰ পৰাই পাৰ হৈ আহিছিল।