দেশত ইছলামিক সাজ-পোছাকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ সাজু হৈছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনী। দ্য টেলিগ্ৰাফৰ মতে, তেওঁ নতুন বিধেয়ক উত্থাপন কৰিছে য’ত বোৰ্খা আৰু অন্যান্য ইছলামিক কাপোৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
বিধেয়কখনত প্ৰস্তাৱ কৰা হৈছে যে বিদ্যালয়, বিশ্ববিদ্যালয়, দোকান, কাৰ্যালয় আদি ৰাজহুৱা স্থানত ইছলামিক কাপোৰ পিন্ধিলে জৰিমনা বিহা হ’ব।
ইছলামিক সাজ-পোছাকক কেন্দ্ৰ কৰি নিৰাপত্তা আৰু পৰিচয়ৰ সমস্যাৰ বাবেই তেওঁ এই প্ৰস্তাৱ আগবঢ়াইছে। তেওঁৰ মতে বোৰ্খাৰ দৰে সাজ-পোছাকে নাৰীৰ স্বাধীনতাত বাধাৰ সৃষ্টি কৰাই নহয় সামাজিক আৰু সাংস্কৃতিক সম্প্ৰীতিতো বাধাৰ সৃষ্টি কৰে।
ইফালে মেলোনীৰ এই প্ৰস্তাৱক ইটালীৰ মূল্যবোধ ৰক্ষাৰ বাবে এক প্ৰয়োজনীয় পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে।
বিধেয়কখনত উল্লেখ আছে যে ৰাজহুৱা স্থানত এনে সাজ-পোছাক পৰিধান কৰা লোকসকলক জৰিমনা বিহা হ’ব। অৱশ্যে জৰিমনা ধনৰ কোনো নিৰ্দিষ্ট পৰিসংখ্যা এতিয়াও ধাৰ্য কৰা হোৱা নাই।










