জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ বৈষ্ণো দেৱী যাত্ৰা পথৰ পৰা আহিছে এক ডাঙৰ খবৰ। জানিব পৰা অনুসৰি, যাত্ৰাপথত হোৱা ভূমিস্খলনৰ ফলত বহু লোক ইয়াৰ কৱলত পৰাৰ লগতে আন বহু যাত্ৰী আবদ্ধ হৈ পৰিছে।
একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভূমিস্খলনৰ ফলত দুগৰাকী মহিলা ভক্তৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী ছোৱালী আহত হৈছে।
আজি দুপৰীয়া প্ৰায় ২.৩৫ মিনিটত সংঘটিত এই ভূমিস্খলন সন্দৰ্ভত এতিয়াও ক্ষয়-ক্ষতিৰ নিশ্চিত তথ্য আনুষ্ঠানিকভাৱে নিশ্চিত হ’ব পৰা নাই।
শেহতীয়াকৈ প্ৰকাশ পোৱা এক ভিডিঅ’ত দেখা পোৱা গৈছে যে যাত্ৰা পথত বহু ধ্বংসাৱশেষ পৰি ৰোৱাৰ ফলত ব্যাহত হৈ পৰিছে বৈষ্ণো দেৱী যাত্ৰা পথ।
অৱশ্যে সবিশেষ তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই প্ৰশাসন তথা ৰাজ্য চৰকাৰে।
উল্লেখ্য যে কেইদিনমান পূৰ্বেও বৈষ্ণো দেৱীৰ পৰা ভূমিস্খলনৰ খবৰ পোহৰলৈ আহিছিল।