আজাদ চৌধুৰীৰ বাসগৃহ উচ্ছেদৰ পিছতেই যোৰহাটৰ খিলঞ্জীয়া ৰাইজে নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱলী উদযাপন কৰা পৰিলক্ষিত হৈছে।
আজাদ চৌধুৰী নামৰ সন্দেহযুক্ত অবৈধ বাংলাদেশীৰ ঘৰ উচ্ছেদ কৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰিছে যোৰহাটবাসীয়ে।
নৱগঠিত তিতাবৰ সমষ্টিৰ হাবিচুক তিনি আলি, যোৰহাট ISBT ৰ সমীপৰ আৰু কৰঙাত ৰাইজে আৱতৰীয়া দিপাৱলী উদযাপন কৰে।
সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহক অসমৰ পৰা খেদি পঠিওৱা যি অভিযান চলিছে তাক লৈ আনন্দিত যোৰহাটবাসী ৰাইজ।
এনেকুৱা প্ৰদক্ষেপ লৈ অসমৰ প্ৰতিখন জিলাৰ পৰা সন্দেহযুক্ত বাংলাদেশীক খেদি পঠিয়াবলৈ মুখ্যমন্ত্ৰীক আহ্বান যোৰহাটীয়া ৰাইজৰ।
উল্লেখ্য যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নিৰ্দেশৰ পিছতেই বহু সংখ্যক লোকে যোৰহাটত তীব্ৰ আন্দোলন কৰাৰ পিছতেই জিলা প্ৰশাসনে আজাদ চোধুৰীৰ বাসগৃহত উচ্ছেদ চলাইছিল।