হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চলি থকা তদন্তক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ তদাৰক কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশৰ নেতৃত্বত গঠন কৰা হ’ব এখন ন্যায়িক আয়োগ।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন হ’বলগীয়া এই ন্যায়িক আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ তদাৰক কৰিব।
এই কথা ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে লক্ষ লক্ষ জনতাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায় সুনিশ্চিত কৰাৰ বাবে চৰকাৰ দায়বদ্ধ।
ইফালে, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ হাতত দিছো আৰু জিএমচিএইচত হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ অৰ্থাত শনিবাৰে গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, এসপ্তাহ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰলৈ পত্ৰ লিখি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা অসম আৰক্ষীৰ কাম-কাজ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিব পৰাকৈ এখন ন্যায়িক আয়োগ গঠন কৰিবলৈ অনুৰোধ জনাইছো।
তেওঁ কৈছিল, ‘মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি তেওঁক অৱসৰপ্ৰাপ্ত নহয় বৰ্তমানৰ ন্যায়াধীশৰ অধীনত ন্যায়িক আয়োগ গঠন কৰিবলৈ অনুৰোধ জনাইছো যাতে আৰক্ষীৰ তদন্তত কোনো দোষ থাকিলে ন্যায়িক আয়োগে আঙুলিয়াই দিব পাৰে।’